ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মহিলাৰ বাবে ছয় বিছনাযুক্ত এটা হাই ডিপেণ্ডেন্সী ৱাৰ্ড মুকলি
নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত যোৱা ৩০ নৱেম্বৰত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ড° আৰ লালথাংলিয়ানাই প্ৰয়াত অনুৰাধা বেজবৰুৱাৰ স্মৃতিত মহিলাৰ বাবে ছয়খন বিছনাযুক্ত এটা হাই ডিপেণ্ডেন্সী ৱাৰ্ড মুকলি কৰে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয় তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰাক্তন সচিব আৰু ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰী বিষয়া এম পি বেজবৰুৱাৰ অনুদানেৰে এই ৱাৰ্ড নিৰ্মাণ কৰা হৈছে। ৱাৰ্ড মুকলি অনুষ্ঠানত মুম্বাইৰ ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° অজিৎ কুমাৰ মহান্তিও উপস্থিত আছিল।
প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে জনোৱা অনুসৰি অধিক পৰ্যবেক্ষণ আৰু চিকিৎসাৰ প্ৰয়োজন থকা কৰ্কট ৰোগীসকলক এই ৱাৰ্ডত ৰখা হ’ব। তেওঁ কয় যে, হাই ডিপেণ্ডেন্সী ৱাৰ্ডত ৰখা ৰোগীসকলক জেনেৰেল ৱাৰ্ডতকৈ তুলনামূলকভাৱে বেছি কিন্তু আই চি ইউতকৈ কম পৰ্যবেক্ষণ আৰু ধাত্ৰীৰ যতনৰ প্ৰয়োজন হয়। আই চি ইউৰ বিছনা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ বাবে খালী ৰখাত হাই ডিপেণ্ডেন্সী ৱাৰ্ড সহায়ক হ’ব বুলিও তেওঁ মত পোষণ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰতিষ্ঠানটোত ১৬খন বিছনাযুক্ত এটা হাই ডিপেণ্ডেন্সী ৱাৰ্ড মুকলি কৰা হৈছিল।