মই কেনেকৈ মোৰ চকুৰ যত্ন লওঁ
প্রায় ৩০ বছৰৰ আগতে ডাক্তৰৰ ভুল চিকিৎসাৰ কাৰণে মই দৃষ্টিশক্তি হেৰুৱাবৰ উপক্রম কৰিছিলোঁ৷ মোৰ এটা প্রবন্ধৰ যোগেদি সেই কথা জানিব পাৰি মোৰ সহূদয় বন্ধু (সদ্যপ্রয়াত) হিৰণ্য কুমাৰ ভট্টাচার্য ইমান আতংকিত হৈছিল যে চকুৰ চিকিৎসাৰ কাৰণে তেওঁ মোক ইংলেণ্ডলৈ পঠিওৱাৰ প্রস্তাৱ দিছিল৷ তেওঁ মোক কৈছিল যে মোৰ চিকিৎসাৰ কাৰণে প্রয়োজন হোৱা সমস্ত ধন ৰাইজৰ দান–বৰঙণিৰ যোগেদি সংগ্রহ কৰাৰ দায়িত্ব তেওঁ নিজে ল’ব৷ এনেকুৱা নিঃস্বার্থ পৰোপকাৰী বন্ধু পোৱাটো জীৱনৰ এটা ডাঙৰ সৌভাগ্য৷ সি যি কি নহওক, শেষপর্যন্ত মই চিকিৎসাৰ কাৰণে বিদেশলৈ যোৱাৰ প্রয়োজন নহ’ল৷ দিল্লীৰ অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউটৰ ডাক্তৰে মোৰ চকু দুটা ভাল কৰি সম্ভাব্য অন্ধত্বৰ পৰা মোক ৰক্ষা কৰিলে৷
মই গোটেই জীৱন ঘাইকৈ দুটা কামকেই বেছিকৈ কৰিলোঁ ঃ পঢ়া আৰু লিখা৷ আখৰৰ লগত চিনাকি হোৱাৰ মুহূর্তৰ পৰাই মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ, আৰু প্রায় লগে লগেই লিখিবলৈকো আৰম্ভ কৰিলোঁ৷ অর্থাৎ আন কথাত ক’বলৈ গ’লে মই শৰীৰৰ আন আটাইকেইটা ইন্দ্রিয়তকৈ বেছিকৈ ব্যৱহাৰ কৰিছোঁ চকু দুটাক৷ গতিকে মাজে সময়ে যদি মোৰ চকু দুটাই অতিশয় ক্লান্তি অনুভৱ কৰে বা ইটো–সিটো ৰোগত আক্রান্ত হয়, তেন্তে তাত অস্বাভাৱিকতা একো নাই৷ আচলতে চকুৰ ক্লান্তি মোৰ চিৰলগৰীয়া হৈ পৰিছে৷ মাজে মাজে নানাধৰণৰ অসুখো হয়৷
দ্বিতীয়তে, লিখা–পঢ়া কৰি মই যে কেৱল জীৱিকা উপার্জন কৰোঁ, তেনে কথা নহয়৷ লিখা–পঢ়া নকৰিলে মই জীয়াই থকাৰ সুখো অনুভৱ কৰিব নোৱাৰোঁ৷ অর্থাৎ মোৰ জীৱিকা আৰু জীৱন দুয়োটাই মোৰ চকু দুটাৰ ওপৰত নির্ভৰশীল৷ এনেস্থলত মই চকু দুটা ভালে ৰখাৰ চিন্তা সকলো সময়তে কৰি থাকিব লগা হয়৷ চকুৰ সামান্য অসুখে মোক চিন্তিত আৰু বিচলিত কৰি তোলে৷ চিকিৎসাবিদ্যাত কোৱা হয় যে নিৰাময়তকৈ প্রতিকাৰ সদায় বেছি ভাল৷ সেই কথা মনত ৰাখি মই মোৰ চকুৰ স্বাস্থ্যৰ কাৰণে কেৱল চকুৰ ডাক্তৰৰ ওপৰতে নির্ভৰ কৰিব নোখোজোঁ৷ চকু ভালে ৰখাৰ নিয়মবোৰ মই বিভিন্ন কিতাপ পঢ়ি আৰু চকুৰ ডাক্তৰক সুধি–পুছি শিকি ল’ব খোজোঁ৷ চকুৰ বিষয়ে মই শিকা আৰু পালন কৰা কেইটামান কথা মই আপোনালোকক ক’ব খুজিছোঁ৷ মনত ৰাখিব যে মই চকুৰ ৰোগৰ বিষয়ে আৰু তাৰ চিকিৎসাৰ বিষয়ে একো কথা নকওঁ৷ সেইটো চকুৰ ডাক্তৰৰ কাম৷
চকুৰ ৰোগ আৰু চকুৰ আমনি বা অশান্তি একে কথা নহয়৷ চকু বেছিকৈ ব্যৱহাৰ কৰিলে বা ভুলকৈ ব্যৱহাৰ কৰিলে স্বাভাৱিকতেই চকু দুটাই ক্লান্তি অনুভৱ কৰে৷ ক্লান্তিৰ পৰিমাণ বেছি হ’লে চকু দুটাত কম–বেছি পৰিমাণে বিষ অনুভৱ হয় আৰু বস্তুবোৰ স্পষ্ট ৰূপত নেদেখা হয়৷ বয়স বঢ়াৰ লগে লগে চকুৰ এইবোৰ সমস্যা ক্রমান্বয়ে বৃদ্ধি পায়৷ তাতে আকৌ বর্তমান যুগত মটৰ গাড়ী চলোৱা, টিভি চোৱা আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিব লগা হোৱাটো যিবোৰ মানুহৰ কাৰণে এৰাব নোৱৰা কামত পৰিণত হৈছে, তেওঁলোকৰ কাৰণে চকুৰ বিষ বা কিহবাই সকলো সময়তে চকু দুটাক টানি টানি থকা ভাবটো এটা স্থায়ী সমস্যাত পৰিণত হৈছে৷
দ্বিতীয়তে, স্বাভাৱিক দৃষ্টিশক্তি হ্রাস পাবলৈ আৰম্ভ কৰাৰ সময়তে চছমা ব্যৱহাৰ নকৰিলে বা চছমাৰ পাৱাৰ সঠিক নহ’লেও চকুৱে কষ্ট দিবলৈ আৰম্ভ কৰে৷
ডাক্তৰসকলৰ মতে চকুৰ প্রকৃত ৰোগবোৰতকৈ চকুৰ অত্যধিক পৰিশ্রমজনিত যন্ত্রণাইহে বেছিভাগ মানুহক চকুৰ ডাক্তৰৰ ওচৰলৈ টানি আনে৷ চকুৰ বেছিভাগ ৰোগ উপযুক্ত সময়ত শুদ্ধ চিকিৎসা কৰিলে ভাল হয়৷ কিন্তু চকুৰ অত্যধিক পৰিশ্রমৰ কাৰণে হোৱা যন্ত্রণাবোৰ প্রায় স্থায়ী হয়৷ বিভিন্ন কাৰণত মানুহৰ মূৰৰ বিষ, পেশীৰ বিষ, অনিদ্রা, আভোক আদি নানা দৈহিক সমস্যা হ’ব পাৰে৷ কিন্তু চকুৰ যন্ত্রণাত ভুগি থকা মানুহে সেই আটাইবোৰ সমস্যা চকুৰ কাৰণেই হোৱা বুলি ভুল কৰে৷ বহুত সময়ত সেইবোৰ সমস্যা চকুৰ কাৰণেই যে নহয়, সেই কথা নহয়৷ এনেকুৱা প্রত্যেকটো সমস্যাকে চকুৰ বিষৰ কাৰণে হোৱা বুলি ধৰি লোৱা উচিত নহয়৷
সেই কাৰণে সম্প্রতি ডাক্তৰসকলে উপদেশ দিয়ে যে চকুৰ সমস্যা হ’লে চছমা সলনি কৰাৰ কথা ভবাতকৈ প্রথমেই জীৱনৰ প্রতি দৃষ্টিভংগী সলনি কৰাৰ কথাহে ভবা উচিত৷ আন কথাত ক’বলৈ গ’লে চকুৰ বিষ বা অশান্তিৰ লগত অনেক সময়ত আৱেগিক বা মনস্তাত্ত্বিক সমস্যাও জড়িত হৈ থাকিব পাৰে৷ উদাহৰণস্বৰূপে, এজনী ছাত্রীয়ে পৰীক্ষাৰ কাৰণে অধিক মনোযোগ দি পঢ়াৰ সময়ত ভীষণ মূৰৰ বিষ অনুভৱ কৰে৷ কিন্তু তন্ন তন্নকৈ পৰীক্ষা কৰি দেখা গ’ল যে কেৱল লেটিন বিষয় পঢ়াৰ সময়তহে তাইৰ মূৰৰ বিষ বেছি হয় আনবোৰ বিষয় পঢ়িলে মূৰৰ বিষ বেছি নহয়৷
চকুৰ ৰোগ নোহোৱাকৈ ৰাখিবলৈ আৰু চকুৰ পৰিশ্রমজনিত যন্ত্রণাৰ পৰা সকাহ পাবলৈ সকলো মানুহেই তলত উল্লেখ কৰা সাধাৰণ নিয়মকেইটা পালন কৰিব পাৰে৷ মই নিজেই এই নিয়মকেইটা পালন কৰি উপকাৰ পাইছোঁ৷
কেতিয়াও কোনো কাৰণতে, কোনো পৰিস্থিতিতে হাত দুখনেৰে চকু নোমোহাৰিব৷ আচলতে হাত দুখন বা আঙুলিবোৰ চকুৰ ওচৰলৈ কেতিয়াও নিনিবই৷ মনত ৰাখিব যে কেৱল হাত দুখন দিনটোত কেইবাবাৰো চাবোনেৰে ভালকৈ ধুই (কমেও ২০ ছেকেণ্ড) ২০বিধ মান ৰোগৰ পৰা ৰক্ষা পৰি থাকিব পাৰি৷ চকুৰ ওচৰলৈ কিন্তু পৰিষ্কাৰ হাতো নিনিব৷ ঠিক সেইদৰে চকু মচিবলৈ সামান্য ময়লা থকা ৰুমাল বা গামোচাখনো ব্যৱহাৰ নকৰিব৷ একে আষাৰে ক’বলৈ গ’লে হাতৰ স্পর্শৰ দৰে চকু দুটাক ৰোগৰ বীজাণুৰ স্পর্শলৈ আহিবলৈ নিদিয়াটো হ’ল চকু দুটাক ৰোগমুক্ত কৰি ৰখাৰ এটা প্রধান উপায়৷
ৰাতি পঢ়িব লগা হ’লে গোটেই কোঠাটো সমানে পোহৰ হোৱাৰ ব্যৱস্থা কৰিব৷ কোঠাটোৰ এটা মাত্র অংশ পোহৰ কৰি লৈ পঢ়িলে চকুৱে কষ্ট পায়৷ বহুতে ক’ব খোজে যে বিছনাত শুই পঢ়াটো এটা বেয়া অভ্যাস৷ ই চকুৰ ক্ষতি কৰে৷ কিন্তু অভিজ্ঞ ডাক্তৰে কয় যে কোঠাটো সমানভাৱে পোহৰ হৈ থাকিলে আৰু শৰীৰৰ শোৱাৰ ভংগী আৰামদায়ক হ’লে শুই পঢ়িলেও চকুৰ একো ক্ষতি নহয়৷ সর্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনীত পঢ়িবলৈ পাইছোঁ যে তেওঁ বিছনাত শুই শুয়ে বেছিভাগ কিতাপ পঢ়িছিল৷ পঢ়ি থাকোঁতে বা লিখি থাকোঁতে প্রতি আধা ঘণ্টাৰ মূৰে মূৰে চকু দুটা কিছুসময় মুদি থাকিব লাগে৷ কিছুসময় চকু দুটা জোৰেৰে জপালে আৰু মেলিলেও চকুৰ ব্যায়াম হয়৷ ই চকুৰ উপকাৰ কৰে৷
একেৰাহে বহুত সময় লিখি বা পঢ়ি থকাৰ ফলত চকু দুটা ক্লান্ত হ’লে এটা সহজ ব্যায়াম কৰিব৷ সোঁহাতখন সন্মুখৰ ফালে সম্পূর্ণ দীঘলকৈ মেলি দিব৷ দুয়োটা চকুৰে হাতৰ মুঠিটোলৈ চাই থাকিব৷ এতিয়া হাতৰ মুঠিটো পূৰণ চিনটোৰ আকৃতিৰে ঘূৰাই ঘূৰাই চকুৰ ওচৰলৈ আনিব আকৌ দূৰলৈ মুঠিটো পূৰণ চিনৰ আকৃতিৰে ঘূৰাই ঘূৰাই দূৰলৈ লৈ যাব৷ এনেকৈ কিছুসময় ব্যায়াম কৰিলে চকু দুটাই খুব আৰাম পাব৷