নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Cyber Fraud: প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ডিজিটেল বেংকিঙৰ সময়ত মনত ৰাখক এই কথা

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: ভাৰতত ডিজিটেলাইজেশ্যনৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ লগে লগে নেট বেংকিং, ইউ পি আই (UPI) আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। আজিকালি মানুহে নগদ ধনৰ লেনদেনৰ সলনি ডিজিটেল লেনদেন কৰাটোহে বেছি পছন্দ কৰে।

কিন্তু আজিকালি ডিজিটেল লেনদেনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে প্ৰৱঞ্চনাৰ ঘটনা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি আপুনি এই ধৰণৰ প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ টিপছ মানি চলিব পাৰে।

গ্ৰাহকে নিজৰ ব্যক্তিগত তথ্য যেনে নেট বেংকিং পাছৱৰ্ড, অ’টিপি, এটিএম পিন আদি কোনো অচিনাকি ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব নালাগে। কাৰ্ডৰ চিভিভি নম্বৰ বা কাৰ্ডৰ মেয়াদ উকলি যোৱাৰ তাৰিখ ইয়াৰ সৈতে শ্বেয়াৰ কৰাটো উচিত নহয়।

মনত ৰাখিব যে আপোনাৰ বিত্তীয় লেনদেন কাৰো ৰাজহুৱা কম্পিউটাৰ বা নেটৱৰ্কৰ সৈতে চেয়াৰ বা ভাগ-বতৰা নকৰিব। ইয়াৰ দ্বাৰা আপুনি প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।

সময়ে সময়ে আপোনাৰ নেট বেংকিং পাছৱৰ্ড সলনি কৰি থাকিব। লগতে আপোনাৰ নিজৰ শক্তিশালী পাছৱৰ্ড দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ পাছৱৰ্ড প্ৰৱঞ্চকৰ চুৰ কৰিবলৈ অসুবিধা হ’ব।

আপুনি অনলাইন বেংকিং শেষ কৰাৰ পিছত আপোনাৰ ৱেব ব্ৰাউজিং ইতিহাস (browsing history) মচি পেলোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপুনি প্ৰৱঞ্চনাৰ বলি নহ’ব।

যদি আপোনাৰ বেংকৰ পৰা কোনো লেনদেনৰ বাৰ্তা আহে, তেন্তে নিশ্চিতভাৱে পৰীক্ষা কৰক যে আপুনি এই লেনদেন কৰিছে নে নাই। নহ’লে পিছত প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।

You might also like