নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত কেৰিটাচ্ ইণ্ডিয়া-ৰাজ্যিক ইন্টাৰ এজেঞ্চী গ্ৰুপৰ গ্লবেল প্ৰগ্ৰেম শীৰ্ষক কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আজি মৰিগাঁও জিলাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাকক্ষত কেৰিটাচ্ ইণ্ডিয়াৰ উদ্যোগত আৰু ৰাজ্যিক ইন্টাৰ এজেঞ্চী গ্ৰুপৰ সহযোগত অনুষ্ঠিত হয় এখন বিশেষ কৰ্মশালা। ৰাজ্যিক ইন্টাৰ এজেঞ্চী গ্ৰুপৰ সমন্বয়ক দেৱৰা চাংমাই আঁত ধৰা কৰ্মশালাখনত ধেমাজি আৰু মাজুলী জিলা ইন্টাৰ এজেঞ্চী গ্ৰুপৰ সমন্বয়ক লুইত গোস্বামী, সভাপতি ৰাজেন শ‌ইকীয়া, মৰিগাঁও জিলা ইন্টাৰ এজেঞ্চী গ্ৰুপৰ সম্পাদক বলদেৱ নাথ সভাপতি মহেন্দ্ৰ শ‌ইকীয়া, গুৱাহাটী গণ সেৱা চছাইটিৰ সমন্বয়ক প্ৰবিণ নাৰ্জাৰী সমন্বিতে ব্যক্তিসকলে দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত গাওঁ পঞ্চায়তৰ পৰা জিলা পৰ্যায়লৈকে কেনেদৰে কাম আৰম্ভ কৰিব লাগে সেই বিষয়ে বিস্তৃতভাৱে বুজায় দিয়ে। দুৰ্যোগৰ সময়ত কৃষকসকলে কেনেদৰে খেতি কৰিলে অনিষ্ট সাধন নহ’ব বা লোকচানৰ সন্মুখীন নহ’ব সেই বিষয়ে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ড০ নৱদ্বীপ ডেকা আৰু ড০ প্ৰৰাগ ডেকাই পৰীক্ষা মূলক বক্তব্য আগবঢ়ায়। আনহাতে বানপানী অথবা বৰ্জপাতত পশুধনৰ মৃত্যু বা ৰোগগ্ৰস্ত হ’লে জিলা পশু পালন আৰু চিকিৎসা বিভাগে কেনেদৰে চিকিৎসা সেৱা আগবঢ়ায় সেই বিষয়ে পশু চিকিৎসা বিষয়া ডাঃ হৰিচৰণ নাথে স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ পৰা অংশগ্ৰহণ কৰা বিষয়ববীয়াসকলক অৱগত কৰায়। বিশেষকৈ ইন্টাৰ এজেঞ্চী গ্ৰুপৰ মৰিগাঁও জিলাত গঠন হোৱা সমিতি খনৰ সম্প্ৰসাৰণ আৰু কাৰ্যক্ৰমনিকাৰ ক্ষেত্ৰত প্ৰৰ্যালোচনা কৰা পৰিলক্ষিত হয়।।

প্ৰেৰক মানস নাথ

You might also like