চাৰিবছৰীয়া হ’ব স্নাতক ডিগ্রী পাঠ্যক্রমঃ শীঘ্ৰে জাৰি হ’ব নিৰ্দেশনা
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: নতুন ৰাষ্ট্রীয় শিক্ষা নীতি বলৱতৰ লগে লগে দেশৰ প্রচলিত শৈক্ষিক ব্যৱস্থাত ব্যাপক পৰিৱর্তন ঘটিব৷ ইতিমধ্যে ইয়াৰ কুচকাৱাজ অব্যাহত আছে৷ তাৰ মাজতে স্নাতক পর্যায়ৰ পাঠ্যক্রমক লৈ এক নতুন খচৰা প্রস্তুত কৰি উলিয়াইছে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)–এ৷ নিঃসন্দেহে এই খচৰা নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ লগত সামঞ্জস্য ৰাখি প্রস্তুত কৰা হৈছে৷ ‘কাৰিকুলাম এণ্ড ক্রেডিট ফ্রেমৱর্ক ফৰ ক’ৰ ইয়েৰ আণ্ডাৰ গ্রেজুৱেট প্রোগ্রামছ’ শীর্ষক এই সম্পর্কীয় খচৰাত সংযোজন ঘটোৱা হৈছে কেতবোৰ নতুন তথা গুৰুত্বপূর্ণ ব্যৱস্থাৱলী৷ ইয়াৰ ভিতৰত প্রথম আৰু প্রধান প্রস্তাৱটোৱে হ’ল বর্তমানৰ তিনি বছৰৰ পৰিৱর্তে চাৰিবছৰীয়া পাঠ্যক্রম অধ্যয়নৰ অন্ততহে স্নাতক ডিগ্রী লাভৰ বাবে যোগ্যতা অর্জন কৰিব শিক্ষার্থীসকলে৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি নতুন ব্যৱস্থাৱলী সন্দর্ভত দুই–এদিনতে ইউ জি চিয়ে আনুষ্ঠানিক নীতি–নির্দেশনা জাৰি কৰিব৷ ইউ জি চিৰ খচৰাত সন্নিৱিষ্ট ব্যৱস্থাৱলী অনুসৰি প্রচলিত তিনিবছৰীয়া পাঠ্যক্রম অধ্যয়নেৰে স্নাতক ডিগ্রী লাভৰ বাবে প্রয়োজন ১২০ ক্রেডিট পইণ্টৰ৷ কিন্তু ইয়াৰ বিপৰীতে চাৰিবছৰীয়া পাঠ্যক্রমৰ অধীনত স্নাতক ডিগ্রী অর্জনত ১৬০ ক্রেডিট পইণ্টৰ প্রয়োজন হ’ব৷ প্রতিটো শিক্ষাবর্ষৰ ঘণ্টাৰ হিচাপত এই ক্রেডিট পইণ্ট নির্ধাৰণ কৰিছে ইউ জি চিয়ে৷ তদুপৰি গৱেষণাৰ ক্ষেত্রতো খচৰাত শিক্ষার্থীসকলৰ কাৰণে এক সুনির্দিষ্ট ব্যৱস্থা ৰখা হৈছে৷ সেই অনুসৰি নতুনকৈ কার্যকৰী হ’বলগীয়া ৪ বছৰীয়া স্নাতক পাঠ্যক্রম ছাত্র–ছাত্রীসকলে যদি কোনো বিষয়ত গৱেষণা কৰিব বিচাৰে, নির্দিষ্ট বিষয়টো বাছনি কৰি ল’ব লাগিব৷ তদুপৰি স্নাতক ডিগ্রী লাভ কৰাৰ সময়তে নির্দিষ্ট বিষয়টোত ‘স্পেচিয়েলাইজেচন’ কৰিব লাগিব গৱেষণাৰ বাবে ইচ্ছুক শিক্ষার্থীসকলে৷
মন কৰিবলগীয়া যে ইতিমধ্যে তিনিবছৰীয়া পাঠ্যক্রমত নামভর্তি কৰা ছাত্র–ছাত্রীসকলক ইচ্ছা কৰিলে ৪ বছৰীয়া পাঠ্যক্রম গ্রহণৰ সুবিধাও আগবঢ়াইছে ইউ জি চিৰ নতুন খচৰাই৷ অৱশ্যে এইক্ষেত্রত তেনে শিক্ষার্থীসকলক অনলাইন তথা অফলাইন মাধ্যমত এটা ‘ব্রিজ কোর্চ’ কৰাৰ সুযোগ দিব সংশ্লিষ্ট বিশ্ববিদ্যালয়ে৷ সেইদৰে ৪ বছৰীয়া স্নাতক পাঠ্যক্রম যদি কোনোবাই আধাতে সামৰে, তেনে ছাত্র–ছাত্রীসকলক পুনৰ অধ্যয়নৰ সুযোগো ইউ জি চিয়ে নতুন খচৰাত সন্নিৱিষ্ট কৰিছে৷ আধাতে পাঠ্যক্রম সামৰা ছাত্র–ছাত্রীসকলে ৩ বছৰৰ ভিতৰত নতুনকৈ অধ্যায়ন প্রক্রিয়া আৰম্ভ কৰিলেহে এই সুযোগ লাভ কৰিব৷ লগতে পাঠ্যক্রম সম্পূর্ণ কৰাৰ নির্ধাৰিত সময়সীমা হ’ব সাত বছৰ৷ এই সাতবছৰীয়া নির্ধাৰিত সময়ৰ ভিতৰত ছাত্র–ছাত্রীসকলে চাৰি বছৰৰ পাঠ্যক্রম সমাপ্ত কৰাটো বাধ্যতামূলক৷ ‘মেজৰ’ বিষয়ক লৈও খচৰাত এক নতুন তথা সুনির্দিষ্ট ব্যৱস্থা সংযোজন কৰা হৈছে৷ সেই অনুসৰি ছাত্র–ছাত্রীসকলে এটা বা দুটা বিষয় মেজৰ হিচাপে ল’ব পাৰিব৷ অৱশ্যে শিক্ষার্থীসকলে মেজৰ বিষয়ত লাভ কৰিব লাগিব ৫০ শতাংশ ক্রেডিট পইণ্ট৷ নির্দিষ্ট ৫০ শতাংশ ক্রেডিট পইণ্ট পোৱা বিষয়টোকহে মেজৰ ৰূপে গণ্য কৰা হ’ব৷ প্রতিটো শিক্ষাবর্ষৰ দ্বিতীয় ষাণ্মাসিকত মেজৰ বিষয় বাছনিৰ সুযোগ লাভ কৰিব ছাত্র–ছাত্রীসকলে৷
উল্লেখ্য যে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি বলৱতৰ কাৰণে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসম চৰকাৰো ইতিমধ্যে তৎপৰ হৈ পৰিছে৷ অসমত প্রথমবাৰৰ বাবে অহা ২০২৩ চনৰ মেট্রিক পৰীক্ষা নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ অধীনত অনুষ্ঠিত হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে৷ তাৰ মাজতে স্নাতক পর্যায়ক লৈ ইউ জি চিয়ে প্রস্তুত কৰা উক্ত খচৰা চিহ্ণিত হৈছে লক্ষণীয় ৰূপে৷