নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা-বাল্য বিবাহ-অন্ধ বিশ্বাসৰ ওপৰত বিশমুৰিত সজাগতা মূলক সভা

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: কোকৰাঝাৰ জিলাৰ ইষ্ট মালিগাঁও মোহনপুৰ ভি চি ডি চিৰ অন্তৰ্গত বিশমুৰি আৰ চি (B) নিম্ন প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, জয়পুৰ আৰ চি নিম্ন প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু হিউমেন ৰাইটচ ইন্টৰ’নেশ্বনেল ফেডাৰেচন (কোকৰাঝাৰ ) ৰ যৌথ উদ্যোগত সজাগতামূলক সভা অনুষ্ঠিত হয়। শিক্ষা, বাল্যবিবাহ আৰু অন্ধবিশ্বাসৰ ওপৰত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে যুৱ সমাজ কৰ্মী ভীষ্ম চৰকাৰে । মূখ্য অতিথি হিচাপে জিলা আঁচনি বিষয়া (DPO) জাহাংগীৰ হুছেইন, বিশিষ্ট সমাজ কৰ্মী উত্তম কুমাৰ ব্ৰহ্ম আৰু বিশমুৰি উপ আৰক্ষী চকীৰ এ এচ আই (ASI) অৰূপ বড়ো, ৮১৪ নং চেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শৈক্ষিক উত্তোৰণৰ ক্ষেত্ৰত অঞ্চলটিত জাগৰণ আনিবলৈ সক্ষম হোৱা কৃষ্ণ কান্ত দাস উপস্থিত থাকি আলোচ্য বিষয়ৰ ওপৰত সাৱলীলভাৱে মনোগ্ৰাহীকৈ বক্তব্য দাঙি ধৰে । আদিবাসী এলেকাত অনুষ্ঠিত অনুষ্ঠানটিত আটাইকেইজন বক্তাই বিশেষকৈ শিক্ষা লাভত গুৰুত্ব আৰোপ কৰে । যি জাতি শিক্ষাত পিছপৰা সেই জাতি সকলো ক্ষেত্ৰতে পিছপৰা হয় বুলি উল্লেখ কৰে বক্তা সকলে । শিক্ষা অৱিহনে আগবাঢ়ি যোৱা সম্ভৱ নহয় বুলিও তেওঁলোকে কয় । সেয়ে সমাজৰ পৰা বাল্যবিবাহ, মাদকদ্ৰব্য সেৱন, আৰ্থিক পিছপৰা ইত্যাদিবোৰ আঁতৰ কৰিব লাগিলে শিক্ষাত গুৰুত্ব দিবলৈ তেওঁলোকে আহ্বান জনায় । প্ৰধান শিক্ষক বাবুৰাম মূৰ্মূই আঁতধৰা সভাত উপস্থিত থাকে গাওঁৰ গাওঁবুঢ়া, অঞ্চলৰ মূখীয়াল সকল, যুৱক-যুৱতী, অভিভাবিকা আৰু ছাত্ৰ-ছাত্ৰী সকল ।

 

ভৃগু মুনি ৰায়, বাসুগাঁও ।

You might also like