নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিহৰণকাৰী ঘটনা: পালঘৰত কেবৰ পৰা দহমহীয়া কেঁচুৱাক দলিয়াই দি মহিলাক নির্যাতন চালকৰ

নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: মহাৰাষ্ট্রৰ পালঘৰত কেব চালক এজনে চলন্ত গাড়ীৰ পৰা ১০ মহীয়া কেঁচুৱাক দলিয়াই দি মহিলা এগৰাকীক যৌন নির্যাতনৰ শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে৷ মুম্বাই–আহমেদাবাদ ঘাইপথত কেব চালকজনে ১০ মহীয়া কেঁচুৱাটোক বাহিৰত দলিয়াই দিয়াত ঘটনাস্থলীতে কেঁচুৱাটোৰ মৃত্যু ঘটিছে৷ আনপিনে কেঁচুৱাৰ মাতৃ তথা মহিলাগৰাকীক কেব চালক এজনে যৌন নির্যাতন চলাই পাছলৈ মহিলাগৰাকীকো গাড়ীৰ পৰা পেলাই দিয়ে৷ আহত মহিলাগৰাকী বর্তমান চিকিৎসাধীন হৈ আছে৷ আৰক্ষীয়ে বিজয় কুচ ৱাহা নামৰ চালকজনক চিনাক্ত কৰি ইতিমধ্যে ভাৰতীয় দণ্ডবিধি ৩০৪/৩৫৪ ধাৰাত গ্রেপ্তাৰ কৰিছে৷ মন কৰিবলগীয়া যে শ্বেয়াৰ কেবত কেঁচুৱা লৈ মহিলাগৰাকী গৈ থাকোঁতে সহযাত্রীৰ সৈতে মিলি চালকজনে এই ঘটনাটো সংঘটিত কৰিছে৷

You might also like