বুঢ়ী দিহিং নৈত সমনীয়াৰ স’তে সাঁতুৰিব গৈ সলিল সমাধি ছাত্ৰৰ
নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: দেওবাৰে বিয়লি লাহোৱাল ঘোঁৰামৰা আৰক্ষী চকীৰ অৰ্ন্তগত দংগৰ পথাৰ গাঁৱৰ বুঢ়ীদিহিংৰ খনাজানত ফুলাম গাঁৱৰ টিয়কজ্যোতি কোঁৱৰ নামৰ এজন ছাত্ৰই সমনীয়াৰ স’তে সাতুৰিব যোৱা অৱস্থাত নৈৰ প্ৰবল সুঁতত পৰি সলিল সমাধি ঘটে ৷ সলিল সমাধি ঘটা ছাত্ৰজন যুৱকজন ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে বহু সময় ধৰি নৈত মৃতদেহটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা কৰিছিল যদিও নৈৰ গভীৰতা আৰু প্ৰবল সুঁতৰ বাবে মৃতদেহটো উদ্ধাৰ কৰাত ব্যৰ্থ হয় । ঘটনাস্থলীত আৰক্ষীৰ লগতে NDRF/SDRF বাহিনী উপস্থিত হৈ নিশালৈ উদ্ধাৰ অভিযান চলাই যদিও SDRF বাহিনীয়ে নিশা সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বাবে উদ্ধাৰ কৰিব নোৱাৰা বুলি জানিব পৰা গৈছে ৷ আজি পুৱাৰ পৰা মৃতদেহটো উদ্ধাৰৰ বাবে পুনৰ অভিযান চলোৱা হৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। ছাত্ৰজনৰ নৈত সাঁতুৰিব গৈ মৃত্যু হোৱা ঘটনাত অঞ্চলটোত শোঁকৰ ছা পৰিছে ৷