তিনিচুকীয়াৰ শ্ৰীপুৰীয়া, ৰাজাআলি অঞ্চলত ৰেলৱে আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান
নিয়মীয়াবাৰ্তা, ১২ ডিচেম্বৰ:- তিনিচুকীয়াত পুনৰ ৰেলৱে ভূমি বেদখলক লৈ চলিল উচ্ছেদ অভিযান। সোমবাৰে তিনিচুকীয়াৰ শ্ৰীপুৰীয়া ,ৰাজাআলি অঞ্চলত ৰেলৱে বিভাগ আৰু জিলা প্ৰশাসনে এক উচ্ছেদ অভিযানৰ কায্যসূচী হাতত লয় । ৰেলৱে মাটিত যিসকলক লোকে অবৈধ ভাৱে দখল কৰি ৰাখছিল তেওঁলোকৰ মাটিৰ ওপৰত চলিল প্ৰশাসনৰ এই উচ্ছেদ অভিযান । ৰেলৱে বিভাগে প্ৰায় ১৫১ অবৈধ নিৰ্মাণৰ ওপৰত অভিযান চলাই।ৰেলৱে বিভাগৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি ছয় সাত মাহ পূৰ্বেই এইসকল লোকৰ অবৈধ নিৰ্মাণক কেন্দ্ৰ কৰি জাননী দিয়া হৈছিল। উল্লেখযোগ্য ৰেলৱে মাটি বেদখল কৰি অবৈধ নিৰ্মাণ কৰি বসবাস কৰি থকা এই লোকসকলে লাভ কৰিছিল এ এছ ই বিৰ বিদ্যুৎ সংযোগ। এই সম্পৰ্কে ৰেলৱে বিভাগক প্ৰশ্ন উত্থাপন কৰাত তেখেতে সকল এই সম্পৰ্কে জ্ঞাত নহয় বুলি জানিব দিয়ে। প্ৰশাসনৰ তৰফৰ পৰা আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই উচ্ছেদ অভিযানত উপস্থিত থাকে চক্ৰ বিষয়া চিন্ময় পাঠক । তেখেতে জানিব দিয়া অনুসৰি ৰেলৱে মাটি বেদখলকাৰী এই লোকসকলে কেনেদৰে কিহৰ ভিত্তিত এ এছ ই বিৰ বিদ্যুৎ সংযোগ লাভ কৰিছিল এই সম্পৰ্কে প্ৰশ্ন কৰা হব বুলি জানিব দিয়ে।
প্ৰেৰক: সুৰজ দাস