Viral Video : ‘সঁচাকৈ প্ৰতিভাৰ বয়স নাই’; এই ভাইৰেল ভিডিঅ’ই আপোনাৰো হৃদয় চুব…
নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ: ‘বয়স মাত্ৰ এটা সংখ্যা’। কোনো কাম কৰিবলৈ বয়সৰ সীমা নাথাকে। প্ৰতিদিনে ছচিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হৈ পৰে। কিছুমান ভিডিঅ’ত হাঁহিৰে ভৰি থকাৰ বিপৰীতে কিছুমান ভিডিঅ’ই আমাক আৱেগিক কৰি তোলে। একে সময়তে এগৰাকী বয়োজেষ্ঠ লোকৰ এনে এক ভিডিঅ’ক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা।
ছ’চিয়েল মিডিয়াত এজন জেষ্ঠ লোকৰ ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত এজন জেষ্ঠ নাগৰিকে মুম্বাইৰ এখন লোকেল ৰে’লত গান গুণগুণাই থকা দেখা গৈছে। ভিডিঅ’টোত থকা বৃদ্ধজনক দেখি সকলোৱে তেওঁৰ লগত আৱেগিকভাৱে আকৰ্ষিত হৈ পৰিছে। ভিডিঅ’টোত বৃদ্ধ ব্যক্তিগৰাকীয়ে ৰে’লত বহি ‘মৰজাৱা’ ছবিখনৰ ‘তুম হী আনা’ গীতটো গাই থকা দেখা গৈছে।
ट्रेन में गाने चलते हुए गाने को सुनकर दादाजी भी गाने लगे 😍🎶 pic.twitter.com/WXg98smfuj
— ज़िन्दगी गुलज़ार है ! (@Gulzar_sahab) December 9, 2022
ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগেলগে বিভিন্নজনে সুন্দৰ সুন্দৰ কমেণ্টেৰে জ্যেষ্ঠ ব্যক্তিগৰাকীক প্ৰশংসা কৰিছে। এজনে ভিডিঅ’টো চেয়াৰ কৰি লিখিছে-‘সুন্দৰ কণ্ঠ, সুন্দৰ গীত’ আৰু আন এজনে লিখিছে- ‘সঁচাকৈ প্ৰতিভাৰ বয়স নাই’, আন এজনে লিখিছে, ‘উৰম বাদ গয়ী ‘মগৰ দিল বচ্চা হায়’।