অসমৰ হেঁপাহৰ গামোচাই লাভ কৰিলে GI TAG
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক ‘গামোচা’ই কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছে ভৌগোলিক সূচক (জি আই) টেগ। অসমে পাঁচ বছৰ পূৰ্বে গামোচাৰ জি আই টেগ বিচাৰি আবেদন কৰিছিল, তাৰ পিছত ১৩ ডিচেম্বৰত লাভ কৰে এই টেগ। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে মঙলবাৰে টুইটাৰত জি আইৰ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ শ্বেয়াৰ কৰে।
ভৌগোলিক স্বীকৃতি (geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে।
জি আই টেগ পোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ গামোচাই ভাৰত চৰকাৰৰ পৰা ভৌগোলিক সূচক পোৱাটো অসমৰ বাবে এটা গৌৰৱৰ দিন। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ সমান্তৰালকৈ শৰ্মাই এই স্বীকৃতিৰ বাবে সমূহ অসমবাসীক অভিনন্দন জ্ঞাপন কৰে।
A day of pride for Assam, as our #Gamosa gets a Geographical Indication Tag by the Government of India.
Grateful to Hon PM Shri @narendramodi Ji for always giving a place of prestige to this integral symbol of Assamese glory.
Congratulations Assam. pic.twitter.com/gVjFF1Femz
— Himanta Biswa Sarma (@himantabiswa) December 13, 2022