মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় ২.০ আঁচনি
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : আৰ্থিক সুৰক্ষা প্ৰদানৰে এখন পুষ্টিকৰ মহিলা সমাজ গঢ়ি তোলাৰ লক্ষ্যেৰে আজি নতুন দিল্লীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় ২.০ আঁচনি। দিল্লীস্থ আছাম হাউছৰ পৰা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যৰ মন্ত্ৰী তথা জিলা উপায়ুক্তসকলৰ উপস্থিতিত শুভ মুকলি কৰা অৰুণোদয় ২.০ আঁচনিত বছৰি ৪,১৪২ কোটি টকা ব্যয় কৰা হব। ২০২০ চনৰ ২ অক্টোবৰত প্ৰথমবাৰৰ বাবে উন্মোচন কৰা অৰুণোদয় আঁচনিখনত এইবাৰ অতিৰিক্ত ১০.৫৪ লাখ হিতাধিকাৰীক সংযোজিত কৰা হৈছে। সেই মৰ্মে অৰুণোদয় ২.০ৰ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে উন্মোচনী অনুষ্ঠানত ঘোষণা কৰে।
লক্ষ্যনীয়ভাৱে আছুতীয়াকৈ ৰাজ্যৰ মহিলাসকলৰ বাবে উতসৰ্গিত এই আঁচনিখনত এইবাৰ দিব্যাংগজন, বাওনা আৰু ট্ৰান্সজেণ্ডাৰকো সামৰি লোৱা হৈছে। সামৰি লোৱা হৈছে পালছি-থেলাছেমিয়া-হেমফিলিয়া-কুষ্ঠ-অটিজমত আক্ৰান্ত পৰিয়ালৰ সদস্যকো। সেয়েহে মহিলাৰ লগতে এইবাৰ পুৰুষেও অৰুণোদয় ২.০ৰ হিতাধিকাৰী হোৱাৰ সুযোগ লব পাৰিব। উল্লেখ্য যে পূৰ্বৰ দৰে অৰুণোদয় ২.০ৰ অধীনতো এগৰাকী হিতাধিকাৰীয়ে মাহেলী ১,২৫০ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ২০২৩ চনৰ ১০ এপ্ৰিলত অৰুণোদয় ২.০ৰ প্ৰথম কিস্তি লাভ কৰিব হিতাধিকাৰীসকলে।
আনহাতে ডঃ শৰ্মাই ঘোষণা কৰা মতে, দীন দয়াল দিব্যাংগজন পেনচন আঁচনি আৰু ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইড পেনচন আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় ২.০ আঁচনিত বিলীন কৰি দিয়া হৈছে। উল্লেখ্য যে পূৰ্বতে দিব্যাংগজন পেনচন আঁচনিত মাহেলী ১০০০ টকা আৰু বিধবা পেনচন আঁচনিত মাহেলী মাত্ৰ ৩০০ টকাকৈ প্ৰদান কৰা হৈছিল। এতিয়া এইসকল হিতাধিকাৰীয়ে অৰুণোদয়ৰ জৰিয়তে মাহেলী ১,২৫০ টকাকৈ লাভ কৰিব। আনহাতে হিতাধাকাৰীৰ যোগ্যতা কিছু শিথিল কৰা হৈছে যদিও পূৰ্বৰ দৰেই এটা পৰিয়ালৰ বছৰীয়া সন্মিলিত আয় ২ লাখ টকাৰ বেছি হব নোৱাৰিব। পিছে বৰ্তমান আৰু পূৰ্বৰ সাংসদ, বিধায়ক, বৰ্তমানৰ পঞ্চায়েত ৰাজ অনুষ্ঠান, স্থানীয় নিগম নিকায় আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যসকলে এই শিথিলতাত অন্তৰ্ভুক্ত নহ’ব।
একেদৰে ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী তথা পেনচন লাভ কৰা ব্যক্তিৰ পৰিয়ালে এই শিথিলতা লাভ নকৰিব। শিথিলতা লাভ নকৰিব চিকিতসক, ইন্জিনীয়াৰ, আইনজীৱী, চাৰ্টাৰ্ড একাউন্টেন্ট, স্থপতিবীদ আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ সকলৰ পৰিয়ালেও। আনহাতে পূৰ্বতে দুই চকা থকা মোটৰ বাইক, ৰেফ্ৰিজেৰেটাৰ থকা পৰিয়ালেও অৰুণোদয় আঁচনিৰ হিতাধিকাৰ হব পৰা নাছিল যদিও এইবাৰ এইসকল পৰিয়ালকো সম্ভাব্য হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট কৰা হব। আনহাতে অৰুণোদয় ২.০ত বিশেষ কিছু পৰিয়াল তথা মহিলাক অগ্ৰাধিকাৰ দিয়া হব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মা আজি ঘোষণা কৰিছে। সেই মৰ্মে বিধবা, বিবাহবিচ্ছেদ কিম্বা পতিয়ে পৰিত্যাগ কৰা মহিলা, বিশেষভাৱে যোগ্য সদস্য থকা পৰিয়াল, পকা ঘৰ নথকা পৰিয়াল, ১৬ বছৰৰ পৰা ৫৯ বছৰৰ কোনো সদস্য নথকা পৰিয়াল, বৃদ্ধাশ্ৰমত থকা মহিলা, মানৱ দেহৰ সৰবৰাহৰ চিকাৰ হোৱা মহিলা আৰু ধৰ্ষিতাসকলক অগ্ৰাধিকাৰ দিয়া হব। পিছে ধৰ্ষিতা সকলৰ পৰিচিতি সম্পূৰ্ণ গোপন ৰখা হব বুলিও মুখ্যমন্ত্ৰীয়ে আজি স্পষ্ট কৰি দিয়ে। সমগ্ৰ প্ৰক্ৰিয়াটোক এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে। কোৱা হৈছে জিলা পৰ্যায়ৰ নীৰিক্ষণ কমিটিয়ে (ডি এল এম চি) প্ৰথমতে ১৪ ডিচেম্বৰত অৰুণদোয় ২.০ৰ বিষয়বস্তুবোৰ আত্মস্থ কৰাৰ বাবে বৈঠকত মিলিত হব। ১৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰী নিৰ্বাচন কৰা প্ৰক্ৰিয়া চলিব। নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত ডি এল এম চিয়ে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিব। যোগ্য হিচাধিকাৰীসকলক ২০ জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে প্ৰ-পত্ৰ বিতৰণ কৰা হব। আৰু ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰীসকলৰ সকলো তথ্য সংশ্লিষ্ট জিলা উপায়ুক্ত কৰ্তৃক পোৰ্টেলত আপলোড কৰা হব। আৰু নতুন হিতাধিকাৰীসকলে ১০ এপ্ৰিলত প্ৰথমটো কিস্তি লাভ কৰিব।
লক্ষ্যনীয়ভাৱে এইবাৰ অৰুণোদয় সহায়কৰ পদ বিলুপ্ত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, প্ৰ-পত্ৰ পুৰণত এইবাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ কৰা হ’ব। তাৰ বাবে প্ৰতি প্ৰ-পত্ৰ পুৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ৫০ টকাৰ পৰা ১০০ টকা প্ৰদান কৰা হ’ব। পৰবৰ্তী সময়ত এই দৰ নিৰ্ধাৰণ কৰা হ’ব।
উল্লেখ্য যে ‘এক পৰিয়াল– এক আঁচনি’ৰ শ্লোগানৰ অধীনত অৰুণোদয় আঁচনিৰ জৰিয়তে অনাগত দিনত ৩৫ লাখ হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে আজি জানিবলৈ দি কয় যে অৰুণোদয়ক দেশৰ সৰ্ব বৃহত আঁচনিলৈ ৰূপান্তিৰত কৰাৰ প্ৰয়াস চলাই থকা হৈছে। এইক্ষেত্ৰত ৰাজ্যৰ প্ৰতিখন জিলা তথা প্ৰতিখন বিধানসভা সমষ্টিত সমগুৰুত্ব প্ৰদান কৰিবলৈ তেওঁৰ চৰকাৰখন দায়বদ্ধ।