নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ নেভিল উঃ মাঃ বিদ্যালয়ত যুৱ মহোৎসৱ-বাৰ্ষিক বঁটা বিতৰণী সভা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : শোণিতপুৰৰ ঐতিহ্যমণ্ডিত চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাৰ্ষিক বঁটা বিতৰণী সভা আৰু যুৱ মহোৎসৱ অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, মৌজাদাৰ উৎপল দাসে সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসে। সভাত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিহু নৃত্য, চাহ জনগোষ্ঠীয় নৃত্য , গোৰ্খা জনগোষ্ঠীয় নৃত্য ইত্যাদি বিভিন্ন দলীয় আৰু একক গীত-নৃত্য, কবিতা পৰিৱেশন কৰে। লগতে বিদ্যালয়খনৰ কেইবাজনো শিক্ষকেও গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটাসমূহ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয়। অনুষ্ঠানতেই লোক্ৰা অঞ্চলৰ সমাজসেৱক, প্ৰয়াত শিক্ষক স্বৰ্গীয় তৰুণ দাসৰ পৱিত্ৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ২০২২ বৰ্ষত ৮৫ শতাংশ নম্বৰৰ লাভ কৰি সুখ্যাতিৰে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ নৱজিৎ বৰ্মনক তৰুণজ্যোতি বঁটা প্ৰদান কৰে। বঁটাত ছাত্ৰজনক এখন গামোছাৰ লগতে শৰাই, মানপত্ৰ আৰু দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে স্বৰ্গীয় তৰুণ দাসৰ পৰিয়ালবৰ্গই। অনুষ্ঠানটো বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষা বিষয়া মনিশ ঠাকুৰ, সমাজকৰ্মী অৰুণ ভূঞা, চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া দীপুমণি বৰা, দীপক সিংহাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like