নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আন্দোলনে উন্নয়নৰ পৰিৱেশত বাধা আনে” : যোৰহাটত মুখ্যমন্ত্ৰী

বাৰ্তা ব্যুৰো, ১৫ ডিচেম্বৰ: “বৰ্তমান ৰাজ্যৰ যি উন্নয়নৰ পৰিবেশ সেয়া আন্দোলনবৰ্জিত পৰিবেশৰ বাবে সম্ভৱ হৈছে| বন্দুকৰ শব্দ প্ৰতিবাদ ধৰ্ণাই কেতিয়াও উন্নয়নৰ পৰিবেশ আহিব নিদিয়ে”– যোৰহাটৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ অধীনত বিভিন্ন প্ৰকল্পৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীৰ ৰাজহুৱা সভাত এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত “বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বাবে ৮৫০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিভিন্ন প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয় যে আমাৰ মূল লক্ষ্য হৈছে অসমৰ সৰ্বাংগীন উন্নয়ন সাধন। যোৱা ডেৰটা বছৰে অতি পৰিকল্পিত ভাবে নিয়াৰিকৈ অসমৰ সমাজ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছোঁ। আজি ১৫ দিনত আমি ১৫ হাজাৰ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছোঁ। অহা জানুৱাৰী মাহৰ পৰাও আমি অসমৰ আন জিলাসমূহত এনেধৰণৰ পষেকৰ কাৰ্যসূচী আৰম্ভ কৰিম। এনে উন্নয়নমূলক কাম দেখি মানুহে আমাক প্ৰশ্ন কৰে যে আগৰ চৰকাৰৰ দিনত যদি ইমান টকা নাছিল কিন্তু আজি সেই টকা কৰ পৰা আহিল। মানুহে কেতিয়াবা অবিশ্বাস কৰে, কেতিয়াবা সন্দেহ কৰে। কিন্তু মোৰ উত্তৰ এটাই। যে আমাৰ ৰাজ্যখনত কাম কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। অসমক মৰম কৰা আৰু অসমক চেনেহৰ দৃষ্টিৰে চোৱা বহু মানুহ আমাৰ সমাজত আছে। অসমৰ উন্নয়ন অৰ্থে কাম কৰাৰ এক দৃঢ় সংকল্প আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিন্তু উন্নয়নৰ পৰিবেশ আমি নিৰ্মান কৰিব লাগিব। যদি ৰাজ্যত বন্দুকৰ শব্দ দিনে ৰাতিয়ে শুনে, ধৰ্ণা ধৰ্মঘটৰ ধ্বনি যদি অনবৰতে শুনা পাওঁ, সেই ৰাজ্যত কেতিয়াও উন্নয়ন আহিব নোৱাৰে। যোৱা ডেৰটা বছৰ অসমৰ ৰাইজে আমাক এটা পৰিবেশ দিছে। ৰাইজে আন্দোলন বিবৰ্জিত পৰিবেশ এটা ৰাজ্যখনত নিৰ্মান কৰিছে। আৰু অসমৰ ৰাইজে নিৰ্মান কৰা এই সুন্দৰ পৰিবেশৰ সুযোগ লৈ আমি আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ এক গঙ্গা নমাই আনিবলৈ প্ৰয়াস কৰিছোঁ। আমি যোৱা ৩০ টা বছৰ ধৰ্ণা কৰিলোঁ, ধৰ্মঘট কৰিলোঁ, আন্দোলন কৰিলোঁ। কিন্তু একো নাপালোঁ। কিন্তু আজি যেতিয়া আমি এটা আন্দোলন বিবৰ্জিত পৰিবেশত থিয় দিছোঁ, চৌদিশে উন্নয়নৰ কাম আৰম্ভ হৈছে। এফালে যোৰহাট মাজুলী দলঙৰ কাম আৰম্ভ হৈছে আৰু একেসময়তে মাজুলীৰ পৰা লখিমপুৰলৈ দলঙৰ কামো আৰম্ভ হৈছে। যি কাম আমি কিছুদিন আগলৈকে কল্পনা কৰিব পৰা নাছিলোঁ। এই পৰিবেশ আন্দোলনে দিয়া নাই। আন্দোলন বিবৰ্জিত এটা পৰিৱেশেহে এই উন্নয়ন আমাক দিছে। আমি চেষ্টা কৰিছোঁ গহপুৰ গোলাঘাটৰ মাজতো এখন দলং হওক। এই কামসমূহৰ পৰিকল্পনা আমি সেই মুহূৰ্তলৈকে কৰি থাকিব পাৰিম, যি মুহূৰ্তলৈকে অসমৰ পৰিচয় বন্দুকৰ লগত নাথাকে, ধৰ্ণা, ধৰ্মঘটৰ লগত নাথাকে। যোৱা ডেৰটা বছৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছোঁ। আজি প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সমগ্ৰ চৰকাৰখনক ৰাইজৰ দুৱাৰ দলিলৈ অনাৰ প্ৰচেষ্টা আৰু প্ৰয়াস কৰা হৈছে। যোৱা নিৰ্বাচনৰ সমযত আমি ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছোঁ। নিৰ্বাচনৰ সময়ত আমি এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ। আমি কোনো দুৰ্নীতিৰ আশ্ৰয় নোলোৱাকৈয়ে ইতিমধ্যেই ৪০ হাজাৰ চাকৰিত নিযুক্তি দিছোঁ। আৰু ৩০ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰা হব আৰু অতি সোনকালে নতুন ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰা হব। যাতে এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দুই তিনিমাহৰ ভিতৰত পূৰণ কৰিব পাৰো।  আমাৰ ৰাজ্য খনক ভাৰতৰ শ্রেষ্ট পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ। ২০২৩ বৰ্ষটো আমি শিক্ষাৰ বাবে উৎসৰ্গিত এটা বৰ্ষ হিচাপে পালন কৰিব বিচাৰিছোঁ। আমাৰ যিমান সমূহ হাইস্কুল আছে, প্ৰতিখন হাইস্কুলক পর্যায়ক্ৰমে আমি ৭/৮ কোটি টকাকৈ আগবঢ়াই উন্নতি সাধন কৰিব বিচাৰিছোঁ। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰহাটৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ সন্দৰ্ভত উল্লেখ কৰাৰ লগতে যোৰহাটৰ ঐতিয্য পৰম্পৰা সম্পৰ্কে উল্লেখ কৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বাবে আধাৰশিলা আৰু ভূমি পূজন কৰাসমূহ প্ৰকল্পৰ বিষয়ে আৰু ইয়াৰ নিৰ্ধাৰিত পুঁজি, সম্পূৰ্ণ হোৱাৰ সময় সম্পৰ্কে উল্লেখ কৰি কয় যে এই আঁচনি সমূহৰ সফল ৰূপায়নে যোৰহাট জিলা খনক এক বিশেষ মৰ্যদা প্ৰদান কৰিবলৈ সক্ষম হব। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী অজন্তা নেওগ, পীযূষ হাজৰীকা, ডাঃ ৰণোজ পেগু, বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবেন ভৰালী প্ৰমুখ্যে জিলা বিজেপিৰ বিষয়ববীয়াসকল। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিশাল জনসভাত ৰিমোট কনট্ৰলৰ জৰিয়তে মুঠ ১৭টা প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্য্য ৰূপায়ন কৰে। সভাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক বিভিন্ন সমস্যা সম্পৰ্কে অৱগত কৰিবলৈ জিলাখনৰ লগতে ওচৰ চুবুৰীয়া জিলাসমুহৰ পৰা অহা বহু ভুক্তভোগীয়ে সাক্ষাৎ কৰে। যোৰহাটৰ কেইবাজনো প্ৰতিবন্ধী যুৱক যুৱতীৰ লগতে বহুকেইজন দুৰাৰোগ্য ৰোগত ভোগা শিশুৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। আনহাতে সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে এতিয়া জটিলতা কমিছে। গতিকে নিৰ্বাচন আয়োগক এই বিষয়ে অৱগত কৰা হৈছে আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে সিদ্ধান্ত লব। আনহাতে অসম নাগালেণ্ডৰ সীমা সমস্যাকে ধৰি ৰাজ্য খনৰ ওচৰ চুবুৰীয়া ৰাজ্যসমুহৰ সীমা সমস্যা সমাধানৰ বাবে আলোচনা চলি আছে বুলি মন্তব্য কৰি শীঘ্ৰে এই সমস্যা সমাধান হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

প্ৰেৰক প্ৰদীপ বৰা

You might also like