নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যাপক চৰ্চা সৰৱ বিৰোধী : মুখ্যমন্ত্ৰীৰে যোৰহাটত মাজনিশা পদযাত্ৰা কংগ্ৰেছী বিধায়কৰ

বাৰ্তা ব্যুৰো, ১৬ ডিচেম্বৰ: বিজেপিৰ বিভিন্ন সভা সমিতিত মাজে মাজে উপস্থিত হোৱা তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা এইবাৰ নিশা বাৰ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ বাবে এটা পষেক কায্যসূচীৰ লগতে যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে যোৰহাটত দিনটো কটোৱাৰ লগতে নিশাও কটায়। সন্ধ্যা যোৰহাট আৱৰ্ত ভৱনত কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনতে নিশাটো কটায়। নৈশ আহাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই স্বাভাৱিকতে পূৰ্বৰ দৰে খোজ কাঢ়িবলৈ বুলি যোৰহাটৰ ৰাজপথলৈ ওলাই যায়। লগত আছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি অংকুৰ বৰুৱাকে ধৰি দলৰ ভালেসংখ্যক বিষয়ববীয়া। কিন্তু মুখ্যমন্ত্ৰীৰ এই নৈশ পদযাত্ৰাত দেখা গল তিতাবৰৰ কংগ্ৰেছী  বিধায়ক ভাস্কৰ বৰুৱাক। নিশা বাৰ বজাৰ মুখ্যমন্ত্ৰীৰ পদ যাত্রাত  মুখ্যমন্ত্ৰীৰ কাষতে দেখা গল কংগ্ৰেছৰ বিধায়কজনক। আজি এই কথাই ব্যাপক চৰ্চা লাভ কৰিছে। বিজেপিত যোগ দিব নেকি বুলি মাজে মাজে ওলাই থকা কংগ্ৰেছৰ বিধায়কজনৰ মুখ্যমন্ত্ৰীৰ সৈতে নিশা পদ যাত্রাৰ বিষয়টোক লৈ আশ্চৰ্য্য প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে উন্নয়নমূলক কথা লৈ বা চৰকাৰী সভাত মুখ্যমন্ত্ৰীক লগ পোৱা বা লগ কৰাটো কোনো ডাঙৰ কথা নহয়, কিন্তু নিশা বাৰ বজাত ৰাজপথত মুখ্যমন্ত্ৰীৰ সৈতে ঘূৰি ফুৰাটো বৰ সহজে লব পৰা কথা নহয়। ইফালে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ ধাৰা বৈছে। যদি উন্নয়ন আৰু বিকাশ বিচাৰে তেন্তে ৰাতিৰ আন্ধাৰত কিয়, দিনত আহি দলত যোগ দিয়ক বিধায়কজনে। আনহাতে বিধায়ক ভাস্কৰ বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ কাৰণে কালি কিমান টকাৰ আঁচনি দিছে, তেওঁক লগ কৰাতো কি ডাঙৰ কথা। সমষ্টিৰ উন্নয়নৰ কথা লৈহে তেওঁ মুখ্যমন্ত্ৰীক লগ ধৰিছে। ৰাতি খোজ কাঢ়োতে তেওঁ সমষ্টিত হোৱা বন্যহস্তীৰ উপদ্ৰৱৰ বিষয়ে আলোচনা কৰিছিল। মুঠতে যিয়ে নহওক বিধায়ক ভাস্কৰ বৰুৱাই মাজে মাজে এনেবোৰ কৰ্মৰ কাৰণে চৰ্চালৈ আহি থাকে আৰু বহুতৰে মনলৈ প্ৰশ্ন আহে, এই বিধায়ক জনো গেৰুৱা হবলৈ গৈ আছে নেকি বাৰু।
প্ৰেৰক প্ৰদীপ বৰা
You might also like