নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ: আজিৰে পৰা আৰম্ভ হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত অনুষ্ঠিত এই গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষ্যত উলিওৱা হয় এক বিশাল সাংস্কৃতিক সমদল। আৰু এই সাংস্কৃতিক সমদল উদ্বোধন কৰে অভিনেত্ৰী দিগাংগনা বৰাই। সপ্তম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ দ্বাৰ উদঘাটন কৰে গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। আজি অনুষ্ঠিত হয় উদ্বোধনি সভা। উদ্বোধনী সভাত অংশ গ্ৰহণ কৰে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন, অগ্ৰদূত কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল সেন ডেকা, সাহিত্যিক পেন্সনাৰ অক্ষয় মিশ্ৰই। ভাষণ প্ৰদান কৰি গল্পকাৰ মনোজ গোস্বামীয়ে কয় যে গ্ৰন্থমেলাই পাঠকৰ সৃষ্টি কৰে। সভাত উপস্থিত থকা অগ্ৰদূত কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল সেন ডেকাই কয় যে এনেকুৱা গ্ৰন্থমেলাৰ জৰিয়তে সমন্বয়ৰ সৃষ্টি কৰে। ইপিনে কয়াকুছিৰ বিখ্যাত ধাৰি উদ্যোগক প্ৰসাৰিত কৰাৰ বাবে বিশেষ পদক্ষেপ গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে।এই উদ্বোধনী সভাতে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পেন্সনাৰ অক্ষয় মিশ্ৰই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ স্মৃতিগ্ৰন্থ “গ্ৰন্থ দৰ্পন” উন্মোচন কৰে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি যশস্বী নিবন্ধকাৰ অক্ষয় মিশ্ৰই কয় যে কিতাপ এখনক যিয়ে স্পৰ্শ কৰে তেওঁ আচলতে বহু মানুহক স্পৰ্শ কৰে। যি জাতিৰ সংস্কৃতি নাথাকে সেই জাতিৰ ধৰ্মনীতি থাকিব নোৱাৰে বুলিও মন্তব্য কৰে অক্ষয় মিশ্ৰই। ইপিনে বিশ্বপুথিখনেই শ্ৰেষ্ঠ পুথি বুলি কোৱাৰ লগতে মানব পুথি অতি ৰসাল পুথি বুলিও মন্তব্য কৰে শিক্ষাবিদ অক্ষয় মিশ্ৰই।এই গ্ৰন্থ মেলাৰ উদ্বোধনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে কয় যে কয়াকুছি গ্ৰন্থ মেলাই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য কৰে।ইপিনে ভাষণ প্ৰসংগত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক প্ৰশংসা কৰে দিলীপ চন্দনে।উদ্বোধনী সভাৰ আৰম্ভনিতে এটি বৰগীত পৰিবেশন কৰে দেৱান জাকিৰ হুছেইন শিকদাৰে।বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ আৰু বাণিজ্য মেলাক লৈ কয়াকুছিত দেখিবলৈ পোৱা গৈছে এক উৎসব মুখৰ পৰিবেশ।লোকে লোকাৰণ্য হৈ পৰিছে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰি। আজিৰ পৰা ২২ ডিচেম্বৰলৈ চলিব এই গ্ৰন্থ আৰু বাণিজ্য মেলা।
প্ৰেৰক নকুল তালুকদাৰ