চীনলৈ উভতি নাযায় দালাই লামা; বসবাসৰ বাবে ভাৰতেই উপযুক্ত দেশ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: তিব্বতী ধর্মীয় নেতা দালাই লামা পুনৰ চীনলৈ উভতি নাযায়৷ আজি ধর্মীয় নেতাগৰাকীয়ে স্পষ্ট কৰি দিছে যে চীনলৈ উভতি যোৱাৰ কোনো যুক্তি নাই৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত দালাই লামাই উল্লেখ কৰে যে ভাৰতেই এতিয়া আটাইতকৈ বসবাসৰ উন্নত ঠাই৷ হিমাচল প্রদেশৰ কাংগাৰাত আজি এক কার্যসূচীত অংশগ্রহণ কৰি উঠি সংবাদ মাধ্যমৰ সন্মুখীন হৈছিল দালাই লামা৷ চীন–ভাৰত সমস্যা সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত দালাই লামাই কয় যে চীনৰ পূর্বৰ চৰিত্রৰ সলনি হোৱা নাই৷ গতিকে চীনলৈ উভতি যোৱাৰ কোনো প্রশ্ণই নুঠে৷ ভাৰততে বসবাস কৰি থকাৰ পোষকতা কৰিছে ধর্মীয় নেতাগৰাকীয়ে৷ স্মর্তব্য যে যোৱা ৯ ডিচেম্বৰত অৰুণাচলৰ টাৱাং সীমান্তত এল এ চি অতিক্রম কৰি ভাৰত ভূমিত চীনা সেনাই প্রৱেশ কৰিবলৈ চেষ্টা চলাওঁতে দুয়োখন দেশৰ সেনাৰ মাজত সংঘর্ষৰ সৃষ্টি হৈছিল৷