মৈৰাবাৰীৰ দলৈগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: মৰিগাঁও জিলাৰ নৈকাষৰীয়া মৈৰাবাৰীৰ সমীপৱৰ্তী বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৯৯১ চনৰে পৰা বেদখল কৰি থকা ৩৫ টা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালক আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ চলোৱা হয়।ব্ৰক্ষ্মপুত্ৰ নদীয়ে ঘৰ ভেটি নাইকীয়া কৰাৰ পিছত ১৯৯১ চনতে বৰথল দলৈগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অস্থায়ীভাৱে গৰাখহনীয়াত সৰ্বস্ব হেৰুৱা পৰিয়ালকেইটাক সংস্থাপিত কৰা হৈছিল।তাৰ পিছৰে পৰা বিভিন্ন সময়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা উক্ত লোকসকলক খেলপথাৰ মুকলি কৰি দিবলৈ জাননী প্ৰেৰন কৰা হৈছিল যদিও খেলপথাৰ বেদখল কৰি থকা লোকসকলে কোনোধৰনৰ গুৰত্ব প্ৰদান কৰা নাছিল জিলা প্ৰশাসনৰ জাননীৰ প্ৰতি। যাৰফলত বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে খেল ধেমালি কৰাত অশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছিল।যাৰ ফলশ্ৰুতিত আজি জিলা প্ৰশাসনৰ হৈ স্থানীয় দণ্ডাধীশ তথা লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ সহযোগত দিনৰ ১১ বজাত বিদ্যালয়খনৰ বেদখলীকৃত খেলপথাৰ ভূমিত বুলডেজাৰ লগাই ঘৰসমুহ ভাঙি উচ্ছেদ কৰা হয়।শান্তিপূৰ্নভাৱে উচ্ছেদ সম্পন্ন হোৱাৰ পিছত উচ্ছেদস্থলীত জিলাখনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।বিদ্যালয়ৰ খেলপথাৰত অস্থায়ীভাৱে বহুওৱা আশ্ৰয় শিবিৰে সময়ত বেদখলৰ ৰূপ লোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে।উল্লেখ্য যে বৰথল দলৈগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভুমি বেদখল কৰি থকা অধিকাংশ পৰিয়ালৰে নিজা ঘৰ-বাৰী,ভূমি থকা বুলি জনা যায়।
প্ৰেৰক: তাৰিকুল ইছলাম, মৈৰাবাৰী