বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰঃ “উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি সমগ্ৰ বিশ্বৰ আগলৈ নিয়াৰ এক মাধ্যম উৎসৱ। অৰ্থনৈতিক বিকাশতো উৎসৱৰ বৃহৎ ভূমিকা আছে। উত্তৰ পূবৰ সংস্কৃতিক মানুহে অধিক জনাত নৰ্থ ইষ্ট ফেষ্টিভেলে সহায় কৰিব”। নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰদৰ্শনীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিভাৰতৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী নাৰায়ণ ৰাণেই এনেদৰে মন্তব্য আগবঢ়ায়। নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰদৰ্শনীত সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ প্ৰায় ১৫০খনতকৈ অধিক বিপণীয়ে নিজা সংস্কৃতিক প্ৰতিনিধিত্ব কৰি দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে। ইয়াৰ লগতে ৰাণেই উল্লেখ কৰে – “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰীসকলক পৰামৰ্শ প্ৰদান কৰিছিল যে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সাধন কৰিব লাগে আৰু ইয়াৰ মানুহৰ উৎপাদন বৃদ্ধিৰ বিষয়তো গুৰুত্ব সহকাৰে ল’ব লাগে। আপুনি তালৈ যোৱা উচিত। মই ভাৰতৰ অধিকাংশ ঠাইলৈ গৈছো। এতিয়া অসমকে ধৰি দুখনমান ঠাইলৈ গৈ অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিব লাগে। উদ্যমীসকলক উৎসাহ দিবলৈ আমি বিভিন্ন ধৰণৰ আঁচনিৰ কথা ঘোষণা কৰিছো। নিয়োজনৰ বাবে বিষয়াসকলক বিভিন্ন কামৰ দায়িত্ব দিয়া হৈছে। আমাৰ প্ৰধান লক্ষ্য উৎপাদন বৃদ্ধি, নিয়োজন বৃদ্ধি। ইয়াৰ জৰিয়তে দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পাব। আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণত এই উৎসৱ কামত আহিব বুলি মোৰ ধাৰণা।”আনহাতে উৎসৱৰ জৰিয়তে কি বাৰ্তা দিব খোজে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে- ” উৎসৱলৈ নিমন্ত্ৰণ জনোৱাত মই আহিছো কাৰণ মই ভাবো ইয়ালৈ যি সকল আহিব তেওঁলোকে উত্তৰ পূবৰ সমস্যা বুজি পাব আৰু সেই অঞ্চলৰ মানুহৰ বাবে কিবা এটা কৰাৰ আগ্ৰহ পুহি ৰাখিব। আগ্ৰহী উদ্যমীসকলে নতুন নতুন প্ৰযুক্তিৰ সৈতে জড়িত হৈ উৎপাদন বঢ়াবলৈ এনে ধৰণৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী থকা উৎসৱলৈ আহিব লাগে। ইয়াত অসংখ্য বিপণী আছে, যিবোৰত উত্তৰ পূবকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মানুহে অন্যান্য অঞ্চলত উৎপাদিত সামগ্ৰীৰ কথা জনাৰ লগতে ক্ৰয় কৰিবও পাৰিব। আমাৰ বহু কেইজন মন্ত্ৰী ইতিমধ্যে উত্তৰ পূবলৈ আহিছে আৰু নহাসকলো শীঘ্ৰেই আহিব। আন্তঃগাঁথনিৰ যিবোৰ দিশত অধিক সমস্যা আছে সেইবোৰৰ কথা আলোচনা হ’ব আৰু উন্নয়নো হ’ব বুলি মই নিশ্চিত।” আনহাতে নৰ্থ ইষ্ট ফেষ্টিভেলত সন্ধিয়াৰ বিশেষ অতিথিৰ আসন অলংকৃত কৰে অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ তাছাই। উৎসৱ সন্দৰ্ভত তেওঁলোকৰ ইতিবাচক প্ৰতিক্ৰিয়াই আয়োজক মণ্ডলীক উৎসাহী কৰি তোলে। ৰাজ্যপালে চমু ভাষণ প্ৰসংগত উল্লেখ কৰে যে -“প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক অষ্টলক্ষ্মী বুলি উল্লেখ কৰিছে। তেখেতে যি কোনো ভাষণতে উত্তৰ পূবৰ প্ৰসংগ টানি আনে। মই বিশ্বাস কৰো যে, উত্তৰ পূবে যোগ্য সন্মান লাভ কৰিছে। দেশৰ ৰেল বিভাগৰ ৯ শতাংশ উত্তৰ পূবৰ বাবে খৰচ কৰা হৈছে। ইয়াৰ অৰ্থ অঞ্চলটোৰ উন্নয়ন কেন্দ্ৰই গুৰুত্ব সহকাৰে লৈছে। উত্তৰ পূব আৰু সমগ্ৰ দেশখন সৎস্কৃতিৰ বান্ধোনেৰে এক হৈ বান্ধ খাই আছে।” উদ্ধোধনী অনুষ্ঠানৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল দেশৰ প্ৰসিদ্ধ ট্যুৰ অপাৰেটৰসকলৰ উপস্থিতিত আয়োজিত বি ২ বি বৈঠকখন। বৈঠকখনত উত্তৰ পূবকে ধৰি অসম পৰ্যটনৰ সম্ভাৱনা তথা আন্তঃগাঁথনিমূলক দুৰ্বলতাবোৰৰ বিষয়ে আলোচনা হয়। তাৰ লগতে প্ৰসিদ্ধ আৰু কম পৰিচিত পৰ্যটন থলীবোৰৰ তথ্য সম্বলিত ভিডিঅ’ৰ উপস্থাপনেৰে ঠাইখনৰ বৈশিষ্ট্যৰ বিশ্লেষণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব সহকাৰে লোৱাৰ পাছতো আন্তঃগাঁথনিমূলক দুৰ্বলতাৰ দিশত এতিয়াও কৰিবলৈ বহু বাকী আছে। সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনাত কেইদিনমানৰ আগতে অসম পৰ্যটনক উদ্যোগ হিচাপে ঘোষণা অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ বাবে আশীৰ্বাদ বুলি মন্তব্য কৰে কৰ্পৰেট ট্ৰেভেলছৰ প্ৰাঞ্জল শইকীয়াই। তেখেতে লগতে কয় যে সন্ত্ৰাসবাদৰ পৰা পৰ্যটনলৈ যাত্ৰা কৰা উত্তৰ পূবৰ উন্নয়নৰ গতি মন্থৰ হ’লেও প্ৰৱাহমান। এ ডি টি অ’ আই, এ টি অ’ এ আই, আই এ টি অ’কে ধৰি উত্তৰ পূবৰ বহুকেইজন পৰ্যটন উদ্যোগৰ সৈতে জড়িত বিশিষ্ট উদ্যোগী উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে আয়োজক শ্যামকানু মহন্তই। তেখেতে আহ্বান জনায় যে এতিয়া উত্তৰ পূব পূৰ্বৰ দৰে পাণ্ডৱ বৰ্জিত অঞ্চল নহয়। সমগ্ৰ ভাৰতৰ লগত বিভিন্ন মাধ্যমেৰে সুচল যোগাযোগ থকা অঞ্চলটোত বিনিয়োগ আৰু পৰ্যটকক আনন্দ দিব পৰাকৈ বহুখিনি সমল আছে। ফাৰ হৰাইজনৰ সঞ্জয় বাসুয়ে হৰ্নবিল উৎসৱৰ প্ৰসংগ উল্লেখ কৰি কয় যে এটা অঞ্চলক নিৰ্দিষ্ট উৎসৱটোৰ জৰিয়তে জনাৰ পৰিৱৰ্তে অঞ্চলটোৰ উৎসৱ বুলি মানুহৰ মাজলৈ লৈ যাব পাৰিলে ভাল। তেখেতে লগতে কয় যে উত্তৰ পূবক বিশ্বৰ আগলৈ নিবই লাগিব কাৰণ ইয়াৰ দৰে বৈচিত্ৰ্যতা পৃথিৱীতে বিৰল। নৰ্থইষ্ট জাৰ্নীজৰ কুণ্ডল হাজৰিকাই নৰ্থ ইষ্ট ফেষ্টিভেলতে ক্ষুদ্ৰ উত্তৰ পূবৰ সংস্কৰণ দেখা পোৱা গৈছে বুলি মন্তব্য কৰে। আজিৰ বি ২ বি বৈঠকখন অনুষ্ঠিত ঠাইখনৰ বাবেই বিশেষ হৈ উঠিছে বুলিও তেখেতে কয়। ফিৰিঙতি কিউৰেটেড ট’ৰছ প্ৰাইভেট লিমিটেডৰ সংগীতা পাীছাৰ’টি বৰুৱাই অনুজ বৰুৱা আৰু তেওঁৰ প্ৰচেষ্টাত উত্তৰ পূবৰ ব্যতিক্ৰমী পৰ্যটন প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁলোকে অসমৰ চাহ উদ্যোগৰ পৰা ভক্তিমূলক অনুষ্ঠানৰ খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন দিশ সামৰি অঞ্চলটোৰ অভ্যন্তৰ ভাগ পৰ্যটকৰ আগত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত মিনাক্ষী মেধিৰ নেতৃত্বত অনা অসমীয়া ল’ৰা-ছোৱালীৰ সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শন আছিল এক ব্যতিক্ৰমী প্ৰয়াস। আজিৰ উৎসৱ থলীত দৰ্শনাৰ্থীৰ বাবে অন্যতম আকৰ্ষণ হৈ পৰে বিভিন্ন খাদ্য বিপণীসমূহ। উত্তৰ পূবকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ থলুৱা খাদ্যই পৰ্যটকক বাৰুকৈয়ে আমন্ত্ৰণ কৰে। মুকলিৰ পাছৰ পৰাই খাদ্য বিপণীত খাদ্যৰ সোৱাদ ল’বলৈ ভিৰ প্ৰত্যক্ষ কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হৈ পৰে ক্লাজন, চাৰ্পেণ্টছ অৱ পাখাংবা, ফ্লায়িং কিউপিড, ট্ৰেফিক জাম, হোৱেন চাই মেট টষ্টৰ দৰে জনপ্ৰিয় শিল্পীসকলৰ সংগীতানুষ্ঠান। আনহাতে অপেন মাইক শিতানত নতুন প্ৰতিভাৰ প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰে।