নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰীড়া হৈছে শান্তিৰ অন্যতম উপাদান : বেজেৰাত এই মন্তব্য মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ক্ৰীড়া হৈছে সাম্প্ৰতিক সময়ত শান্তিৰ অন্যতম উপাদান।কামৰূপ জিলাৰ শালমাৰাত আজি এই মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱীয়ে।শালমাৰা আঞ্চলিক ক্ৰিকেট ক্লাবৰ সৌজন্যত প্ৰয়াত সাহিত্যিক কৈলাশ নাথ শৰ্মাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজন কৰা তৃতীয় বাৰ্ষিক প্ৰাইজমানি দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা পুৱা উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী।সাহিত্যিক কৈলাশ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱীয়ে কয় যে সুস্থ সমাজ গঠনত ক্ৰীড়াৰ যথেষ্ট অৱদান আছে।কেৱল আমাৰ দেশত নহয় আজি সমগ্ৰ বিশ্বই মানি লৈছে ক্ৰীড়াৰ জনপ্ৰিয়তা।ক্ৰীড়াৰ মাধ্যমেৰে যুব প্ৰজন্মৰ মাজত দেশপ্ৰেম,ভাতৃত্ববোধ আনিব পাৰি সেই কথা উন্নত ৰাষ্ট্ৰ সমূহেও মানি লবলৈ বাধ্য হৈছে।ছাত্ৰ অৱস্থাৰ পৰাই শিক্ষাৰ সমানে ক্ৰীড়াৰ সৈতে নিজৰ ল’ৰা ছোৱালীক জড়িত কৰিবলৈ অভিভাৱক সকলক আহ্বান জনায় । শালমাৰা আঞ্চলিক ক্ৰিকেট ক্লাবে হাতত লোৱা পদক্ষেপৰ শলাগ লয় মৃণালিনী দেৱীয়ে। অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱীৰ সৈতে একেলগে উপস্থিত থাকে অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰমেন ভড়ালী। উল্লেখ্য যে প্ৰয়াত সাহিত্যিক কৈলাশ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ পৰ্বত অংশ গ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মা, সু লেখিকা উৰ্বশী চৌধুৰী,তৰুণ চন্দ্ৰ ডেকা, গাঁও প্ৰধান চিত্ৰলেখা নাথ চমুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক পুৰন্দৰ চৌধুৰী, বিজেপিৰ যুব মৰ্চাৰ বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক মানবেন্দ্ৰ ডেকা,খেল পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি বনজিৎ ডেকা,বিকাশ কুমাৰ শৰ্মা,শালমাৰা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা ডেকা,শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন চন্দ্ৰ চৌধুৰী,অৱসৰপ্ৰাপ্ত শিক্ষক গজেন্দ্ৰ নাথ ডেকা,সমাজকৰ্মী শৰৎ গোস্বামী, সম্ভুৰাম ডেকা আদি বিশিষ্ট লোক সকল।শালমাৰা হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৰাতিপুৱা প্ৰথমে পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ মুখ্য সভাপতি জিতুমণি ডেকাই। ইয়াৰ পিছত গছ পুলি ৰোপণ কৰা হয়।বিয়লি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত প্ৰয়াত লক্ষ্যধৰ ডেকা সোঁৱৰণী সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মাই। বিহু নৃত্য, জনগোষ্ঠীয় নৃত্যকে ধৰি কেইবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰে। ইয়াৰ পিছত সন্ধিয়াৰ পূৰ্বে খেল উদ্বোধন কৰে মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰানজিৎ ডেকা আৰু ৰঞ্জিত ভট্টাচাৰ্য। সদৌ অসম ভিত্তিত আয়োজন কৰা দুদিনীয়া দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা কালি নিশা সামৰণি পৰিব।

প্ৰেৰক হীৰকজ্যোতি ডেকা

You might also like