নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত শয্যাশায়ী অৱস্থাতে অধ্যাপক ভীমকান্ত কোঁৱৰৰ অভিনন্দন গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি অগাধ বিশ্বাসী, শঙ্কৰী সাহিত্য সংস্কৃতিৰ একনিষ্ঠ সেৱক, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ ভীমকান্ত কোঁৱৰ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁৰ ইচ্ছানুসৰি ডিব্ৰুগড়ৰ উদয়পুৰৰ নিজা বাসভৱনলৈ লৈ অনা হয় আৰু বৰ্তমান ঘৰতে চিকিৎসাধীন হৈ আছে। তেওঁ অশেষ আশা কৰিছিল যে তেখেতৰ জীৱিতাৱস্থাতে তেখেতৰ চিন্তা আৰু কৰ্মৰ ওপৰত তেখেতৰ শুভাকাঙ্খীসকলৰ একোটিকৈ মন্তব্য শুনাৰ বা পঢ়াৰ। সেই মৰ্মে ডিব্ৰুগড়ৰ একাংশ গুণমুগ্ধ ব্যক্তিৰ সমবেতত অধ্যাপক ভীমকান্ত কোঁৱৰ অভিনন্দন গ্ৰন্থ প্ৰণয়ন সমিতি নাম দি দেৱীপ্ৰসাদ বাগ্ৰডিয়াক সভাপতি আৰু সুমন দত্তক সম্পাদক হিচাবে লৈ এখনি সমিতি গঠন কৰি গ্ৰন্থখন প্ৰকাশৰ কাম শেষ হৈছেহে মাত্ৰ, এনেতে চিকিৎসকে জানিবলৈ দিয়ে যে তেওঁৰ স্বাস্থ্যৰ অবস্থা সিমান ভাল নহয় আৰু তেওঁ নিজেও ঘৰলৈ যাবলৈ ইচ্ছা কৰিলে। সেয়েহে তেওঁক নিজা বাসগৃহলৈ আনি আজি পুৱা ১১ বজাত তেওঁৰ বাসগৃহতে অনুষ্টুপীয়াকৈ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰা হয়। “বিচ্ছুৰিত বীক্ষা” শীৰ্ষক নামকৰণৰ উক্ত গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকাই। শয্যাশায়ী প্ৰাক্তন অধ্যাপকগৰাকীৰ কাষত সকলোৰে সমবেতত অনুষ্ঠিত উক্ত উন্মোচনী সভাত একোটাকৈ ভাষণ দিয়ে দেৱীপ্ৰসাদ বাগ্ৰডিয়া, সঞ্জীৱ বৰদলৈ, ভূষণ জ্যোতি সন্দিকৈ, লোকেশ্বৰ বৰা, যতীন কোঁৱৰ আৰু ভীমকান্ত কোঁৱৰৰ দুহিতা সুজাতা সুচিব্ৰতা আদিয়ে। সুমন দত্তৰ সম্পাদনাত প্ৰকাশিত প্ৰায় চাৰিশ পৃষ্ঠাতকৈ অধিক পৃষ্ঠাৰ গ্ৰন্থখনিত প্ৰায় শতাধিক লেখক-লেখিকাৰ বিভিন্ন ধৰণৰ লেখা প্ৰকাশ পাইছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like