বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ একাংশ আত্মসমৰ্পণকাৰী আলফাই সমবায় সমিতি গঠনৰ নামত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত গেথুপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নৈৰ পাৰত থকা মাজুলীত ৰিজৰ্ট খোলাৰ ছলেৰে চৰকাৰী আৰু অইল ইণ্ডিয়াৰ ভূমি বেদখলৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সাতভনী বহুমুখী সমবায় সমিতি লিমিটেড নামেৰে এক সংস্থা খুলি অঞ্চলটোৰ প্ৰাক্তন আলফাকেইজনে প্ৰথমাৱস্থাত বুঢ়ীদিহিঙৰ সেই স্থানত খেতি কৰা আৰম্ভ কৰিছিল যদিও সময় বাগৰাৰ লগে লগে সমিতিখনে এই ঠাইখিনিত ৰিজৰ্ট খোলাৰ ছলেৰে চৰকাৰী ভূমি দখল কৰিবলৈ নামি পৰাত অঞ্চলবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০১৮ চনত পঞ্জীয়ন কৰা সমিতিখনে এইক্ষেত্ৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাষ চপাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছিল যদিও চৰকাৰী পক্ষই কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বেই কিদৰে চৰকাৰী ভমিত পকীঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হল, তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাতোকৈও আচৰিত কথা, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এই সমিতিখনে নিজৰ কাৰ্য্যালয় যি স্থানত স্থাপন কৰিছে, সেই ভূমিও প্রকৃততে অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰহে। অভিযোগ মতে সমিতিখনে এই বৃহত ভূমিখণ্ড বলপূৰ্বক দখল কৰি তাত তেওঁলোকৰ কাৰ্য্যালয় স্থাপনতে ক্ষান্ত নাথাকি তাত বিভিন্ন গৃহ নিৰ্মাণ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানক ভাৰালৈ দিয়ো মুনাফা লুটি আহিছে। এনে ক্ষেত্ৰত এই বেদখলদাৰী চক্ৰটোৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।