নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেজাল দৰবৰ ব্যৱসায়ৰ বিৰুদ্ধে কেন্দ্রৰ ‘ছার্জিকেল ষ্ট্রাইক’

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ: ভেজাল দৰবৰ ব্যৱসায় চলি আছে দেশজুৰি৷ ভেজাল দৰবৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ এইবাৰ সংকল্পবদ্ধ হৈছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়৷ চৰকাৰী সূত্রই প্রকাশ কৰা অনুসৰি স্বাস্থ্য মন্ত্রণালয়ৰ বিষয়ববীয়াৰ ছটা দলে দৰব প্রস্তুতকাৰক সংস্থাত নিৰীক্ষণ (অডিট) আৰু তালাচী চলোৱা কাম কৰিব৷ এই কামত কেন্দ্রীয় বিষয়ববীয়াৰ দলক সহায় কৰিব ৰাজ্য চৰকাৰসমূহে৷ সমগ্র বিষয়টোৰ ওপৰত নজৰদাৰী চলাব ‘চেণ্ড্রেল ড্রাগছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচনে (চিডিএছচি’)’এ৷ চি ডি এছ চি অ’ৰ নেতৃত্বত থাকিব দুগৰাকী ড্রাগ কণ্ড্র’লাৰৰ অধীনত এক উচ্চ স্তৰীয় কমিটী৷ শেহতীয়াকৈ আফ্রিকান ৰাষ্ট্র গাম্বিয়াত ভাৰতীয় দৰব প্রস্তুতকাৰকৰ দৰব খাই মৃত্যু হৈছে বহু শিশুৰ৷ তাক লৈ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইয়াৰ পিছতে কেন্দ্রীয় চৰকাৰে দেশ তথা বিদেশত ভাৰতীয় কোম্পানীসমূহত ভেজাল দৰব বন্ধ কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা ভেজাল দৰব বন্ধ কৰাৰ ক্ষেত্রত এয়া ছার্জিকেল ষ্ট্রাইক হ’ব বুলি উল্লেখ কৰা হৈছে৷

You might also like