নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ ড্ৰেগনৰ দেশ অৰ্থাৎ ৰঙা চীনৰ আগ্ৰাসনক প্ৰতিৰোধ কৰিবলৈ যেন বদ্ধপৰিকৰ হৈ পৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়।ৰঙা চীনৰ চিৰ বৈৰিতাৰ বাবেই চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সকলো প্ৰকাৰৰ যোগাযোগত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়।বিগত সময়ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভালেকেইবাৰ অৰুণাচলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ প্ৰতিৰক্ষা চকীসমূহত উপস্থিত হৈ সেনাৰ যোৱান সকলৰ মনোবল বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।কেৱল সিমানেই নহয়,অৰুণাচলৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে সংযুক্ত সকলো পথৰ যোগাযোগত উন্নয়ন সাধন কৰাৰ লগতে বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনৰ দ্বাৰা নিৰ্মিত দলং উদ্ধোধন কৰিছে।ইয়াৰেই এক অংশ হিচাপে পুনৰ দেশৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসম আৰু অৰুণাচল প্ৰদেশৰ দুদিনীয়া ভ্ৰমণৰ বাবে আজি ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা কেন্দ্ৰত সন্ধ্যা প্ৰায় ৬:৩০ বজাত বায়ুসেনাৰ এক বিশেষ বিমানেৰে উপস্থিত হয়।জানিব পৰা মতে আজি নিশাটো মোহনবাৰীৰ বায়ুসেনা কেন্দ্ৰৰ অতিথিশালতে কটাব প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে।নিশা সেনা তথা বায়ুসেনাৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ,সতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হয়। কাইলৈ ​​পুৱা মোহনবাৰী বায়ুসেনা কেন্দ্ৰৰ পৰা সেনাৰ বিশেষ হেলিকপ্টাৰৰে অৰুণাচল প্ৰদেশৰ ছিয়াং জিলালৈ ৰাওনা হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।কাইলৈ ​​তেওঁ অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছিয়ম দলং উদ্বোধনকে ধৰি সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।সীমান্ত পথ সংস্থাই(বি আৰ অ’) প্ৰকল্প ব্ৰহ্মংকৰ অধীনত নিৰ্মাণ কৰিছে আলং-ইংকিয়ং ৰোডৰ ১০০ মিটাৰ দৈৰ্ঘ্যৰ তীখাৰে নিৰ্মিত এই ছিয়ম দলং।ছিয়ম দলং ৰাইজৰ বাবেও উদ্বোধন কৰাৰ লগতে সীমান্ত পথ সংস্থাৰ (বি আৰ অ’) ২৭টা প্ৰকল্প ই-উদ্বোধন কৰাৰ সমান্তৰালকৈ বি আৰ অ’ ভিজন আৰু নিউ টেক হেণ্ড বুক মুকলি কৰিব।ইয়াৰ উপৰিও স্থানীয় লোকৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰাৰ কথা।অনুষ্ঠান সমাপন কৰি কাইলৈ ​​বিয়লি পুনৰ দিল্লীলৈ উভতি যাব ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।বিগত মাহত অৰুনাচলৰ চীন সীমান্ত আনিনি ভ্ৰমন কৰিছিল ৰাজনাথ সিঙে।শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে চীন সীমান্তত সৰ্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।উল্লেখ্য যে অৰুণাচলৰ টাৱাংৰ বুমলাৰ পৰা কিছু নিলগত চীনা সেনাৰ অবৈধ অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ বাবে হতাহতিত কেইবাজনো ভাৰতীয় সেনা গুৰুতৰভাবে আহত হৈছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like