নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আজি গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত সাধনাৰ পীঠস্থান ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ হাৱা মহলৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতক পৰিক্ৰমা বিভাগৰ আনুষ্ঠানিক হস্তান্তৰ কাৰ্য্যসূচীত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজি হাৱা মহলত আয়োজিত সেই বিশেষ কাৰ্য্যসূচীৰ অন্তত ধুবুৰীৰ স্থানীয় চিত্ৰশিল্পী তৰুণ কুমাৰ মিত্ৰই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক তেওঁ আৰু তেওঁৰ সহধৰ্মিণী তথা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিচ্ছৱি উপহাৰৰূপে প্ৰদান কৰে। স্বয়ং মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এই কথা সদৰী কৰিছে। শিল্পীগৰাকীৰ তুলিকাত প্ৰাণৱন্ত হৈ উঠা তেওঁ আৰু তেওঁৰ সহধৰ্মিণীৰ প্ৰতিচ্ছৱি লাভ কৰি আনন্দিত হোৱা বুলি মন্তব্য প্ৰদান কৰা সমান্তৰালকৈ ফেচবুকত শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনাৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা পোৱা যায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী