নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোঙালবলহু গড়ত পৰ্যটন ক্ষেত্ৰ প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : তিৱা সকলৰ সাংস্কৃতি আৰু ঐতিহ্য অনন্য আৰু একক ৷ তিৱা সকলে অসমীয়া জাতিসত্তা নিৰ্মাণত অসমীয়া নিৰ্গোষ্টীয় জনজাতি লোকৰ পৰম্পৰা সংস্কৃতিত অৰিহনা যোগাই আহিছে ৷ তিৱা সকলৰ ঐতিহ্য-পৰম্পৰা আৰু সাংস্কৃতিৰ প্ৰতীক তথা তিৱা সকলৰ শৌৰ্য্য-বীৰ্য্যৰ প্ৰতীক বীৰ জোঙালবলহু নৱ প্ৰজন্মৰ প্ৰেৰনা স্বৰূপ”- এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজি ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত তিৱা ৰজা বীৰ জোঙালবলহু দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে বীৰ গৰাকীৰ শৌৰ্য্য-বীৰ্য্য পৰাক্ৰমৰ লগতে আদৰ্শ আৰু কৰ্মৰাজি চিৰস্মৰণীয় কৰা, জোঙালবলহুৰ স্মৃতি জাউতিযুগীয়া কৰি ৰাখিবৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে পৰ্যটন বিভাগৰ জৰিয়তে জোঙালবলহু দিৱসটি উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাবে ঘোষণা কৰে ৷আনহাতে এই জোঙালবলহু দিৱসত প্ৰতি বছৰে পৰ্যটন মেলা অনুষ্ঠিত কৰিব বুলিও কয় ৷মূখ্যমন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত হোৱাৰ আগেয়ে পোনে পোনে জোঙালবলহু প্ৰত্নতাত্ত্বিক স্থানত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা পৰ্যটন ক্ষেত্ৰৰ ভূমি পুজা কৰে আৰু ইয়াৰ পাছতে বীৰ ৰজা গৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্বাঞ্জলি জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰকল্পৰ কাম অহা ওঠৰ মাহৰ ভিতৰত সম্পূৰ্ণ হব বুলি কয় ৷ এই পৰ্যটন প্ৰকল্পৰ জৰিয়তে তিৱাসকলৰ সাংস্কৃতিৰ পৰা খাদ্য সম্ভাৰলৈ সকলোবোৰ পৰ্যটকসকলে সহজতে অধ্যয়ন কৰাৰ লগতে এই অঞ্চলতোৰ ইতিহাস, তিৱা জাতিৰ সামাজিক আৰু বাণিজ্যিক উন্নয়ন, তিৱা সকলৰ বৈচিত্ৰ্যময় ইতিহাসৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ যথেষ্ট সমল হব বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷মুকলি সভাত স্মাৰক গ্ৰন্থ জোঙালবলহু“ উন্মোচন কৰে তিৱা লোক সাংস্কৃতিৰ গবেষক মহেশ্বৰ পাটৰে ৷ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা, পৰিমল শুক্ল বৈদ্য, জয়ন্ত মল্ল বৰুৱা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, ৰহাৰ বিধায়ক শশীকান্ত দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক হেমন্ত কুমাৰ দেউৰী ,তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷ কেইবাসহস্ৰ লোক উপস্থিত থকা সভাখনত আঁত ধৰে জোঙালবলহু দিবস উদযাপন সমিতিৰ সভাপতি প্ৰণৱজ্যোতি মছৰঙে ৷

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like