মাৰ্ঘেৰিটাত ভিগেন ইণ্ডিয়াৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা চেগুনবাৰীত ভিগেন ইণ্ডিয়াৰ দ্বি- বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আজি উদযাপন কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উওোলন কৰে মাৰ্ঘেৰিটা কেন্দ্ৰৰ স্বতাধিকাৰী তথা ভিগেন ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰেৱ বৰুৱাই। মাৰ্ঘেৰিটা বনগঞা সত্ৰৰ অধিকাৰ প্ৰেম নাৰায়ন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে পৰিবেশন কৰা হয় দিহানাম। ন বজাত কোৰাছ পৰিবেশন কৰাৰ পিছতে ১০-৩০ বজাত অনুষ্ঠিত কৰা হয় মুকলি সভা। উক্ত মুকলি সভাতে সমাজৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা শিক্ষাবিদ বৰুন বৰা, বৰগঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ন গোস্বামীৰ লগতে ভিগেন ইণ্ডিয়া মা” হেলথ্ কেয়াৰ থেৰাপী মাৰ্ঘেৰিটা কেন্দ্ৰৰ স্বত্বাধীকাৰ গৰাকীক সম্বধৰ্না জনোৱা হয়। উল্লেখ্য যে, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নয়নৰ ফলত চিকিৎসা বিজ্ঞানৰ যিমানেই উন্নতি হলেও শেহতীয়াকৈ ভিগেন ইণ্ডিয়াই সাম্প্ৰতিক সময়ত অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি সদৰি কৰিছে ভিগেন ইণ্ডিয়াৰ মাৰ্ঘেৰিটা কেন্দ্ৰৰ সভানেত্ৰী দিপা খাউণ্ড আৰু সাঃ সম্পাদক প্ৰবালদীপ গগৈয়ে। আনহাতে সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° ৰমেন হাজৰিকা, ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ জিলা সম্পাদক পবিত্ৰ বৰগোহাঞি, সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তৰ লগতে অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।
প্ৰেৰক মানস প্ৰতিম গগৈ