নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱাল প্ৰাথমিক বিদ্যালয়ত “বিশ্ব ব্ৰেইল দিৱস” উদযাপন 

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী:  লাহোৱাল প্ৰাথমিক বিদ্যালয়ত লাহোৱাল প্ৰাথমিক শিক্ষা খণ্ডৰ অৰ্ন্তগত বিভিন্ন বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলক লৈ আজি “বিশ্ব ব্ৰেইল দিৱস ”অনুষ্ঠিত কৰা হয় ৷ উক্ত অনুষ্ঠানত বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক উপহাৰ প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত চি আৰ চিচি জ্যোতিষ চন্দ্ৰ ভূমিজ ,লাহোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী ভূঞা আৰু মটক চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিবেন দত্তৰ লগতে অন্যান্য সহ শিক্ষক শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে ৷
You might also like