মানাহৰ টুৰিষ্ট গাইড ৰুষ্টম বসুমতাৰীলৈ অসম গৌৰৱ বঁটা
- মানাহ- বাক্সাবাসীৰ মাজৰ আনন্দৰ জোৱাৰ
- কুৰি বছৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই আছে ৰুস্তম বসুমতাৰীয়ে
- বিভিন্ন দল সংগঠনৰ অভিনন্দন ৰুস্তমলৈ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ টুৰিষ্ট গাইড ৰুষ্টম বসুমতাৰীক অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বঁটাৰ বাবে মনোনীত কৰা হৈছে । অসম গৌৰৱ বঁটাৰ বাবে ৰুষ্টম বসুমতাৰীক মনোনীত কৰাৰ পিছতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন দল-সংগঠনৰ লগতে বাক্সা জিলাবাসী উৎফুল্লিত হৈ পৰিছে । উল্লেখ্য যে বাক্সা জিলাৰ কামাৰদৈছাৰ বাসিন্দা প্ৰয়াত কৃষক গজেন বসুমতাৰী আৰু গোলাপী বসুমতাৰীৰ পুত্ৰ সম্প্ৰতি ৩৭ বছৰীয়া যুৱক ৰুস্তম বসুমতাৰীয়ে ২০০৩-০৪ বৰ্ষৰ পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত টুৰিষ্ট গাইডৰূপে কাম কৰি আছে । পৰিবেশ-প্ৰকৃতিপ্ৰেমীৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সম্পদবোৰক সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই অহা ৰুস্তম বসুমতাৰীয়ে প্ৰকৃতিপ্ৰেমী সংগঠন “মানাহ মাউজিগেন্দ্ৰী টুৰিজিম ছ’চাইটি”ৰ ২০১৭ বৰ্ষৰ পৰা ২০২০ বৰ্ষলৈকে সম্পাদক পদত অধিষ্ঠিত আছিল । বৰ্তমানো “মানাহ মাউজিগেন্দ্ৰী টুৰিজিম ছ’চাইটি”ৰ সৈতে জড়িত আছে ৰুস্তম বসুমতাৰীয়ে । সম্প্ৰতি বসুমতাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ এলেকাত স্থাপিত “থোবগাং জংঘল টুৰিষ্ট কেম্প” নামৰ ল’জটোৰ মেনেজাৰ পদত কৰ্মৰত হৈ থকাৰ উপৰিও তেওঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত টুৰিষ্ট গাইডৰূপে কৰ্মৰত এগৰাকী সুদক্ষ ফটোগ্ৰাফাৰ হিচাপে পৰিচিত হৈ আছে । বৰ্তমানলৈ সুদীৰ্ঘ কুৰি বছৰ ধৰি ৰুস্তম বসুমতাৰীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই আছে । মানাহৰ টুৰিষ্ট গাইড ৰুস্তম বসুমতাৰীয়ে অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে আজি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে সংবাদ মাধ্যমৰ আগত । ৰুষ্টম বসুমতাৰীয়ে কয় যে- অসম গৌৰৱ বঁটাৰ বাবে মনোনীত হোৱাৰ বাবে বহুত ভাল লাগিছে। কিন্তু মই ভৱা নাছিলোঁ এই সন্মান পাম বুলি।আজি অসম গৌৰৱ বঁটাৰ বাবে মোৰ নাম ঘোষণা হোৱাটো মই গম পোৱা নাছিলোঁ।বিভিন্নজনে মোক আজি ফোনযোগে শুভেচ্ছা জনোৱাৰ পিছতহে জানিব পাৰিছো যে – মই অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছোঁ। এতিয়া মোৰ অনুভৱ হৈছে- মই সমাজৰ বাবে নিশ্চয় ভাল কামেই কৰি আছোঁ । ৰুস্তম বসুমতাৰীয়ে অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত বিটিআৰৰ কোকলাবাৰী সমষ্টিৰ এমচিএলএ মণ্টু বড়ো, প্ৰকৃতিপ্ৰেমী তথা আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছাংখাৰিকা, বাহবাৰী বনাঞ্চলিক বিষয়া অনুভৱ বৰুৱা,মাউজী গেন্দ্ৰী ইক’ টুৰিজ্যিম চোছাইটি, বাক্সা জিলা এবছু, মানাহ টুৰিষ্ট গাইড এচ’ছিয়েশ্বন, মানাহ জীপ চাফাৰী এচ’ছিয়েশ্ব, স্নেস্ক ৰেস্কিউ টিম, শালবাৰী মহকুমা সাংবাদিক সন্থা, মানাহ এভাৰ ওৱেলফেয়াৰ চ’ছাইটিৰ লগতে বাক্সা জিলাৰ বিভিন্ন দল সংগঠনে তেওঁক অভিনন্দন জনাইছে ।
প্ৰেৰক- লৱ কুমাৰ দাস, আনন্দ বজাৰ