নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী:- আজি পুৱা হোজাই ৰামপুৰত এটা অচিনাকি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় । ৰামপুৰৰ ধলপুখুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হোৱা প্ৰায় ৬০/৬৫ বছৰীয়া লোক জনৰ মৃতদেহ হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে । পিন্ধনত লোকজনে কলা ৰঙৰ পেণ্ট আৰু কলা ৰঙৰ চোলা পৰিধান কৰা আছিল। এই অচিনাক্ত লোকজনৰ মৃতদেহ অহা ৭২ ঘণ্টা মৰ্গত ৰখা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । লোকজনৰ কাষত দুডাল পেং পৰি থকালৈ চাই লোকজন শাৰীৰিক ভাবে সক্ষম আছিল বুলি ধাৰনা কৰিব পৰা যায় ।

কিশলয় ডি গোস্বামী

You might also like