নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোকৰে যাত্রা শীর্ষক প্রীতিমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্রহণ

বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত মহানগৰীৰ চাফাই কর্মী পৰিয়ালৰ সন্তানসকলৰ সৈতে ‘আলোকৰে যাত্রা’ শীর্ষক এক প্রীতিমেল অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়৷ উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত ডাঃ হেডগেৱাৰ স্মাৰক সমিতি পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত ‘সমতাৰ ছন্দৰে জীৱনৰ জয়গান’ শীর্ষক অনুষ্ঠান উপভোগ কৰি মুখ্যমন্ত্রী ড০ শর্মা যথেষ্ট আপ্লুত হৈছিল৷ বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে অনুষ্ঠানত ভোৰতাল নৃত্য, সত্রীয়া নৃত্য, বিহু নৃত্যকে ধৰি বিহাৰ–দক্ষিণ ভাৰতৰ নৃত্য, দেশপ্রেমমূলক গীত আৰু নৃত্য অনুষ্ঠান অতি সুন্দৰভাৱে পৰিৱেশন কৰিছিল৷ সেই অনুষ্ঠানত অংশ লোৱাৰ সময়তে মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক আছুতীয়াকৈ পুনৰ লগহোৱাৰ বাবে দিয়া প্রতিশ্রুতি অনুযায়ী আজি এমাহৰ মূৰত নতুন বছৰত ছাত্র–ছাত্রীসকলৰ সৈতে তেওঁ পুনৰবাৰ অন্তৰংগতাৰে মিলিত হয়৷ অনুষ্ঠানত ছাত্র–ছাত্রীসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয় যে মাতৃভাষা কেতিয়াও ত্যাগ কৰা উচিত নহয়৷ তেওঁ কয় যে আমাৰ প্রত্যেকৰে যেনেকে এগৰাকী মাতৃ থাকে, তেনেকে পালক মাতৃও আছে৷ সেয়েহে অসমত বাস কৰা ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ প্রতিগৰাকী কণ কণ শিশুকে নিজ নিজ মাতৃভাষাৰ উপৰি অসমক মাতৃ হিচাপে জ্ঞান কৰি অসমীয়া ভাষা শিকাৰ বাবেও আহ্বান জনায়৷ অনুষ্ঠানত ছাত্র–ছাত্রীসকলে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ‘বিশ্বৰ ছন্দে ছন্দে’ শীর্ষক গীতত পৰিৱেশন কৰা নৃত্যক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে এই গীতৰ লগে লগে গীতটোৰ ৰচক কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ বিষয়েও জনাটো উচিত বুলি কয়৷ তেওঁ ছাত্র–ছাত্রীসকলক তেওঁলোকে পৰিৱেশন কৰা প্রতিটো গীতৰ ৰচকসকলৰ বিষয়েও জনাৰ বাবে আগ্রহী হ’বলৈ আহ্বান জনায়৷ গুৰু টেগবাহাদুৰ, গুৰুনানক আদি মহান মনীষীসকলক জনাৰ লগে লগে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বিষয়েও অধ্যয়ন কৰিবলৈ ছাত্র–ছাত্রীসকলক কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলক বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থকাৰ লগতে বিদ্যালয়ৰ পৰা নিজগৃহলৈ উভতি আহি প্রতিদিনে হোমৱর্ক কৰিবলৈ উপদেশ দিয়ে৷ পঢ়াৰ লগতে সংগীত, ক্রীডা আদিৰ চর্চাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ কয়৷ ছাত্র–ছাত্রীসকলে ভাঙৰা যেনেদৰে শিকে, তেনেদৰে বিহু শিকিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রতিগৰাকী ছাত্র–ছাত্রীকে নিজৰ সন্তানসদৃশ বুলি অভিহিত কৰি ছাত্র–ছাত্রীসকলৰ বিদ্যায়তনিক দিশটোৰ যিকোনো অভাৱ–সুবিধা চোৱাচিতা কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি কয়৷ এনেধৰণৰ প্রীতিমেল অনুষ্ঠান প্রতিবছৰে আয়োজন কৰাৰ বাবে আহ্বান জনাই অহা বছৰ এই অনুষ্ঠান হোৱাৰ পিছত ছাত্র–ছাত্রীসকলক এশজনীয়াকৈ একো একোটা গোটত ভাগ কৰি কাজিৰঙা দর্শনৰ বাবে মুখ্যমন্ত্রীয়ে পৰিকল্পনা গ্রহণ কৰাৰ কথা জানিবলৈ দিয়ে৷ একেটা অনুষ্ঠানতে ছাত্র–ছাত্রীসকলৰ সৈতে মুখ্যমন্ত্রীয়ে এক অন্তৰংগ আলাপত মিলিত হৈ তেওঁলোকৰ বিভিন্ন প্রশ্নৰ যথাযথ উত্তৰ দি সকলোকে সন্তোষিত কৰি তোলে৷ এই অনুষ্ঠানত উত্তৰ গুৱাহাটী, ৰেষ্ট কেম্প, লোক কলনী, গোশালা, ফটাশিল, চাবিপুল, উজান বজাৰ, চোলাপাৰা, মৰাশালী, বামুণীমৈদাম, আমবাৰী, দিছপুৰ, ৰূপনগৰ, ভঙাগড আৰু ফাঁচীবজাৰৰ পৰা অহা কণ কণ শিশুৰ দলসমূহে অংশগ্রহণ কৰে৷ প্রীতিমেলৰ অন্তত আয়োজিত প্রীতিভোজ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে নিজহাতে আহাৰ বিতৰণ কৰি এক অনন্য শিশুপ্রেমী বদান্যতাৰ পৰিচয় দাঙি ধৰে৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like