ডাক বিভাগত পোষ্ট মাষ্টৰ–ডাক সেৱকৰ ৯১৯ চাকৰি
ভাৰতীয় ডাক বিভাগৰ অসম মণ্ডলত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ পদকেইটা অসমৰ ভিন্ন জিলাৰ শাখা ডাকঘৰসমূহত পূৰণ কৰা হ’ব৷ খালী পদসমূহৰ ভিতৰত আছে– ব্রাঞ্চ পোষ্ট মাষ্টৰ, এছিছটেণ্ট ব্রাঞ্চ পোষ্ট মাষ্টৰ আৰু ডাক সেৱক৷ মুঠ পদৰ ভিতৰত অসংৰক্ষিত ৪৩৯টা, এছটিৰ ৮৭টা, এছচিৰ ৫০টা, অ’বিচিৰ ২৩১টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ ৭৫টা আৰু দিব্যাংগৰ বাবে ৩৭টা পদ আছে৷ আবেদনকাৰীৰ বয়স ৫ আগষ্ট ২০১৯লৈ ১৮–৪০ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ ব্রাঞ্চ পোষ্ট মাষ্টৰ আৰু এছিছটেণ্ট ব্রাঞ্চ পোষ্ট মাষ্টৰ পদৰ বাবে প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু ডাক সেৱক পদৰ বাবে দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ মেধাসম্পন্ন প্রার্থীক নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদান কৰা হ’ব৷ প্রার্থী স্থানীয় ভাষা/মাতৃভাষাৰ মাধ্যমত বিদ্যালয়ত দশম শ্রেণীলৈ অধ্যয়ন কৰা হ’ব লাগিব৷ বৰাক উপত্যকাত বেংগলী মাধ্যমৰ প্রার্থী আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলত বড়ো মাধ্যমৰ প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ ইয়াৰ উপৰি প্রার্থী কম্পিউটাৰৰ দুমহীয়া পাঠ্যক্রমৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ অসংৰক্ষিত, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ পুৰুষ প্রার্থীয়ে ১০০ টকা পৰিশোধ কৰিব লাগিব৷ সকলো শ্রেণীৰ মহিলা প্রার্থীয়ে কোনোধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে৷ ব্রাঞ্চ পোষ্ট মাষ্টৰ পদৰ দৰমহাৰ নিৰিখ ১২,০০০–১৪,৫০০ টকা আৰু এছিছটেণ্ট ব্রাঞ্চ পোষ্ট মাষ্টৰ তথা ডাক সেৱক পদৰ দৰমহাৰ নিৰিখ মাহে ১০,০০০–১২,০০০ টকা৷ নিযুক্তি সম্পর্কীয় ওজৰ–আপত্তি, সবিশেষ জানিবলৈ হেল্পলাইন নম্বৰ ০৩৬১–২৫৪৪৮৮১ত নাইবা ই–মেইল[email protected] & [email protected]ত যোগাযোগ কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল কৰিবলৈ পদপ্রত্যাশীসকলে ৱেবছাইটhttps://indiapost.gov.in & http://appost.in/gdsonline লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৯ ফেব্রুৱাৰী ২০২০৷