আজি গুৱাহাটীলৈ কোহলি–ৰোহিত : নেহৰু ষ্টেডিয়ামত অফলাইন টিকট মুকলি
বিশেষ বাৰ্তা, ৭ জানুৱাৰীঃ ভাৰত আৰু শ্রীলংকাৰ মাজত ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আন্তর্জাতিক মেচখনৰ বাবে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অফলাইন টিকট মুকলি কৰি দিয়া হৈছে৷ প্রথম পর্যায়ত বুক মাই শ্ব’ নামৰ সংস্থাটোৰ জৰিয়তে অনলাইনযোগে মুকলি কৰি দিয়া ১০ হাজাৰ টিকট বিক্রী হোৱাৰ পিছত অফলাইনযোগে দর্শকৰ বাবে টিকটৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে অনলাইনযোগেও এই টিকট ক্রয় কৰিব পাৰিব বুলি অসম ক্রিকেট সন্থাৰ তৰফৰ পৰা জনাইছে৷ ইপিনে মেচখনত অংশগ্রহণৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মা, প্রাক্তন অধিনায়ক বিৰাট কোহলি আৰু অ’পেনাৰ কে এল ৰাহুল৷ ভাৰত আৰু শ্রীলংকাৰ বাকী খেলুৱৈসকল অহা কালি জানুৱাৰীত গুৱাহাটীলৈ আহিব৷ কিয়নো আজি দল দুটাই ৰাজকোটত টি–২০ শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচত অৱতীর্ণ হ’ব৷ কিন্তু টি–২০ দলত নথকা জ্যেষ্ঠ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিসহ কে এল ৰাহুল কাইলৈ গুৱাহাটীত উপস্থিত হ’ব৷ তেওঁলোক বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ আহিব৷ অৱশ্যে বেটাৰকেইগৰাকীয়ে কাইলৈ খেলপথাৰ পৰিদর্শন কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি তেওঁলোকে কাইলৈ পুৱাৰ ভাগত বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব বুলিও জানিব পৰা গৈছে৷