নগাঁৱত বাওঁপন্থী নেতা,শিক্ষাবিদ বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: বৰ্ষীয়ান ৰাজনীতিবিদ ,শিক্ষাবিদ বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ ” ৰঙা ৰ’দৰ পম খেদি” শীৰ্ষক গ্ৰন্থ আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোডী ভৱনত উন্মোচন কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই৷ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষনত বৰুৱাই কয়- গ্ৰন্থই মানুহৰ মনত প্ৰজ্ঞাৰ সৃষ্টি কৰে ৷ বাণেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি কমিউনিষ্ট আন্দোলনৰ গুৰি ধৰি অহাৰ কথা উল্লেখ কৰি তেওঁ কয়- শইকীয়াৰ এই গ্ৰন্থখনত বিভিন্ন ঘটনা প্ৰৱাহৰ উন্মেষ ঘটিছে ৷সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা সাহিত্যিক ড° ৰাজেন শইকীয়াই কয় – বাণেশ্বৰ শইকীয়াৰ গ্ৰন্থই সকলোকে উপকৃত কৰিব ৷ ড° শইকীয়াই বানেশ্বৰ শইকীয়াৰ সংগ্ৰামী জীৱনৰ বিষয়ে উল্লেখ কৰি কয় -সমাজৰ পৰিবৰ্তনৰ বাৱে বিপ্লৱৰ প্ৰয়োজন ৷ প্ৰসঙ্গক্ৰমে তেওঁ কয়- জাতীয়তাবাদৰ বহু ৰূপ আছে ৷ ক্ৰমশঃ আঞ্চলিক শক্তিয়ে গা কৰি উঠিছে ৷এনে প্ৰেক্ষাপটত বাওঁপন্থীসকলে আত্ম বিশ্লেষণ কৰা প্ৰয়োজন ৷ তেওঁ লগতে কয় – মুক্তিতকৈ ডাঙৰ প্ৰশ্ন একো নাই ৷ মুক্তিৰ বাৱে বিপ্লৱ কৰিব লাগিব ৷বিজেপি চৰকাৰে দৰিদ্ৰ মানুহক চুই যাব পৰাকৈ গ্ৰহণ কৰা আচনি সমূহৰ কথা বাওঁপন্থী সকলে দীৰ্ঘদিন কৈ আহিছে বুলি মন্তব্য কৰি ড° শইকীয়াই কয় – বাওঁপন্থী সকলে এইকথা ৰাইজৰ মাজলৈ লৈ যাব পৰা নাই ৷ ভোটাৰক সংগঠিত আৰু শিক্ষিত কৰিব লাগিব বুলি ড° শইকীয়াই তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক মুনিন মহন্তই সাম্প্ৰতিক পৰিস্থিতিৰ বাখ্যা দাঙি ধৰি কয় – সাম্প্ৰতিক সময়ত বাওঁপন্থীৰ অগ্ৰগতিত ভেটা পৰিছে ৷ বাওঁপন্থী আন্দোলনৰ গতিত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ জাতি ৰক্ষা কৰাটোৱেই এতিয়া ডাঙৰ সমস্যা হৈছে ৷ অসমত জাতীয়তাবাদৰ বিপদ আহিছে বুলি মন্তব্য কৰি মহন্তই কয় – এতিয়া ঐক্যবদ্ধ বাওঁপন্থী শক্তিৰ প্ৰয়োজন ৷ সভাত শিক্ষাবিদ আব্দুল চালাম ,সাংবাদিক কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ৷ ভাৰতীয় সাংস্কৃতিক সহযোগিতা আৰু মৈত্ৰী সংঘৰ নগাঁও শাখাৰ উদ্যোগত অনুষ্ঠিত আৰু ৰাতুল বৰাই আত ধৰা গ্ৰন্থ উন্মোচনী সভাত চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা,অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰেন্দ্ৰ শৰ্মাৰ লগতে সমাজকৰ্মী মুকুট ভূঞাঁ , মোলান লস্কৰ ,পুনিৰাম শইকীয়া ,সাহিত্যিক ফণীন্দ্ৰ নাথ গায়ন ,খগেন শইকীয়া, গুণীন্দ্ৰ গায়নৰ উপৰিও অৰূপ কুমাৰ মহন্ত, মৃদুপৱন বৰা ,দুলাল বৰা ,গোলাপ বৰা ,পৰী বৰুৱা ,গুণ কাকতি ,দময়ন্তী দাস ,দেৱেন শইকীয়া,বীৰেন ডেকা , মনোজ সিংহ ৰাজাকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। সভাত লিখক বাণেশ্বৰ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে ৷ নিজৰা শইকীয়াৰ বৰগীতৰে সভাখন শুভাৰম্ভ কৰা হয়৷ উল্লেখ যে বাণেশ্বৰ শইকীয়া আৰ চি পি আই দলৰ পৰা বটদ্ৰৱা সমষ্টিৰ পৰা এবাৰ বিধায়ক নিৰ্বাচিত হৈছিল ৷