নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চূড়ান্ত দায়িত্বহীনতা: বইটামাৰীত শুধৰণি নহ’ল ৰে’ল ষ্টেশ্বনৰ নাম

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: বঙাইগাও জিলাৰ বইটামাৰীৰ মাজেৰে যোৱা ৰেলপথটোৰ অঞ্চলটোত স্থাপন হোৱা ষ্টেচনৰ নাম শুধৰণিৰ দাবীত আৰু নতুনকৈ চলিবলগীয়া যাত্ৰীবাহী ৰেল ৰখোৱাৰ দাবীত আজি বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্তক এখন দাবী পত্ৰ প্ৰদান কৰে। পশ্চিমবঙ্গৰ নিউময়নাগুৰিৰ পৰা যোগীঘোপালৈ ২৯৭ কিঃ মিঃ নিৰ্মান হোৱা নতুন ৰেলপথ চোৱাৰ বইটামাৰীত এটা ষ্টেচন স্থাপন হয়। কিন্তু ৰহস্যজনক ভাবে ষ্টেচনটোৰ নাম বিভাগটোৱে চূড়ান্ত দায়িত্বহীনতাৰে বেচিমাৰী নামাকৰন কৰে। এই বেচিমাৰী হ’ল বৃহৎ অঞ্চলটোৰ এখন সৰু ৰাজহ গাওঁ। যিখন গাওঁ ষ্টেশ্বনটো স্থাপন হোৱা ঠাইৰ পৰা তিনি কিলোমিটাৰ আতৰত। ইতিমোধ্যে এই বিষয়ে স্থানীয় ৰাইজে আৰু অঞ্চলটোৰ আছুকে ধৰি বিভিন্ন সংগঠনে ৰেলপথটো নিৰ্মান তথা ষ্টেশ্বনটো নিৰ্মানৰ সময়ৰ পৰাই দাবী জনাই আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। প্ৰথম অৱস্থাত ২০১৫ বৰ্ষতে ষ্টেশ্বনটোৰ নাম বেচিমাৰী হোৱা বুলি জানিব পাৰি আছুৱে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকক স্মাৰক পত্ৰ প্ৰদান কৰি নাম শুধৰণীৰ দাবী জনাইছিল । কিন্তু বিভাগটোৱে গুৰুত্ব নিদিয়াত পিচত বিগত বৰ্ষত ৰেলপথৰ গুনাগুন পৰীক্ষা কৰিবৰ বাবে কমিচন অফ ৰেলৱে চেফটিৰ দল ষ্টেচনটোত উপস্থিত হোৱাত ষ্টেশ্বনটোত সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত হৈ বিভাগটোৰ বিষয়া সকলক ঘেৰাও কৰি প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰী ৰাইজক ৰেলবিভাগৰ যোগীঘোপাস্থিত কাৰ্যবাহী অভিযন্তা, বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি আদি বিষয়া সকলে ষ্টেচনটোৰ নামটো ১৫ দিনৰ ভিতৰত শুদ্ধ হ’ব বুলি ব্যৱস্থা গ্ৰহন কৰিব বুলি প্ৰতিশ্ৰতি দিয়ে। কিন্ত এই প্ৰতিশ্ৰুতিৰ এবছৰ পিচতো ৰহস্যজনক ভাবে ঐতিহাসিক বইটামাৰী অঞ্চলৰ নামটোৰ সলনি বেচিমাৰীয়ে হৈ থাকিল। বৰং বিভাগটোৱে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক বঞ্চিত কৰি শেহতীয়াকৈ চলিবলগীয়া প্ৰথমখন যাত্ৰীবাহী ৰেল ষ্টেশ্বনটোত নৰখিব বুলি সিদ্ধান্ত গ্ৰহন কৰি জাননী জাৰি কৰিছে। ষ্টেশ্বনটোৰ নাম বেচিমাৰীৰ পৰিবৰ্তে বইটামাৰী কৰা আৰু যাত্ৰীবাহী ৰেল ৰখোৱাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা উপায়ুক্ত আৰু ৰেলবিভাগক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিবলৈ আজি আঞ্চলিক ছাত্ৰ সন্থাটোৱে দাবী জনাই এক দাবীপত্ৰ প্ৰেৰন কৰে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব বুলি সন্থাটোৱে সকীয়াই দিয়ে।
প্ৰেৰক: ৰুবুল কান্তি দাস

You might also like