নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলী ফুটাই ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ধন লুটি নিয়া ৩ দুৰ্ধৰ্ষ ডকাইতক আটক বৰপেটাৰোড আৰক্ষীৰ 

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: বৰপেটাৰোডত গুলী ফুটাই ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ধন লুটি নিয়া তিনি দুৰ্ধৰ্ষ ডকাইতক বৰপেটাৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন দুৰ্বৃত্ত তিনিজন ক্ৰমে শ্ৰীধৰ মণ্ডল, আবুতাহেৰ আৰু খুশি সুত্ৰধৰ ৷ আৰক্ষীয়ে তিনিওৰ পৰা এটা পিস্তল সহ তিনি জাঁই সজীৱ গুলী, মোবাইল ফোন আৰু নগদ ২৬, ৫০০ টকা উদ্ধাৰ কৰে৷ জানিব দিয়া মতে শ্ৰীধৰ মণ্ডলৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত আৰু ডকাইতজনক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷ আবু তাহেৰ নামৰ ডকাইতজনৰ ঘৰ বৰপেটাৰোডৰ চেঙেলীয়াত আৰু খুশি সুত্ৰধৰৰ ঘৰ বৰপেটাৰোডৰ কলহভঙাত ৷ আন দুজনকো পিচত বৰপেটাৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে ধৃত ডকাইত তিনিজনে যোৱা ৬ জানুৱাৰীৰ সন্ধিয়া বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ সাহাৰ পুত্ৰ দীপাংকৰ সাহা উৰফে ডিম্পল সাহাৰ কলহভাঙ্গাস্থিত ৰাধে কৃষ্ণ হাৰ্ডৱেৰত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি গুলী ফুটাই ব্যৱসায়ীজনৰ বুকুত পিস্তল আৰু ডেগাৰ লগাই ৫০ হেজাৰ টকা লুট কৰিছিল৷ আৰক্ষীয়ে দুৰ্বৃত্ত কেইজনক আটক কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
You might also like