বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ দেশৰ শীর্ষ দুই মুখ্যমন্ত্রীৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ –আজি এই মন্তব্য কৰে স্বামী ৰামদেৱে৷ ‘নিউজ লাইভ’ৰ ১৫সংখ্যক বর্ষপূর্তি অনুষ্ঠানৰ ছামিটত অংশ লৈ বাবা ৰামদেৱে কয়– ৰাজনৈতিক মূল্য থকা ব্যক্তি হিচাপে ইতিমধ্যে প্রতিষ্ঠিত হোৱা ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি দেশৰ ভিন্ন প্রান্তৰ বহু লোকৰ মৰম দেখিছোঁ মই৷ ১৮–২০ ঘণ্টা ধৰি কাম কৰা, নিজকে প্রতিটো কামৰ বাবে উৎসর্গিত কৰা ড০ হিমন্ত বিশ্ব শর্মাক দেশৰ শীর্ষ দুজন মুখ্যমন্ত্রীৰ ভিতৰত আছে৷ মই দেশৰ ৪–৫জন এনে লোক জানো৷ সেইসকলৰ ভিতৰত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মই নিজে আৰু ড০ হিমন্ত বিশ্ব শর্মা৷ এইসকল লোকৰ মনত এটাই চিন্তা– কেনেকৈ দেশ আৰু সমাজৰ বাবে কিবা কৰিব পাৰোঁ৷ উল্লেখ্য যে আজি ছামিটৰ অন্তিম ছেচনত ‘লাইফ ষ্টাইল টক ফ্রম এ লাইফ ষ্টাইল গুৰু–আপ ক্লজ উইথ যোগা কিং স্বামী ৰামদেৱ’ শীর্ষক আলোচনাত অংশ লৈছিল বাবা ৰামদেৱে৷ ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনে আঁত ধৰা আলোচনাত বাবা ৰামদেৱে জীৱন সন্দর্ভত তেওঁৰ এক অভিমত আগবঢ়াই কয়– ৱান ডে= ৱান লাইফ৷ অর্থাৎ প্রতিটো দিনেই এটা জীৱনৰ দৰে উদ্যাপন কৰক৷ প্রতিজনকে প্রতিটো দিনেই উপভোগ কৰিবলৈ আহ্বান জনাই বাবা ৰামদেৱে কয়– মনৰ আনন্দেৰে প্রতিটো দিন আৰম্ভ কৰক৷ নিজে কেতিয়াও আম্বানি অথবা আদানিৰ দৰে হ’ব নিবিচাৰে বুলি উল্লেখ কৰি যোগ কিংগৰাকীয়ে কয়– মই বিচাৰোঁ দেশৰ এহাজাৰতকৈ অধিক লোক আম্বানি বা আদানিৰ সমপর্যায়ৰ হওক৷ মোৰ সপোন হ’ল, দেশত এহাজাৰতকৈ অধিক লোক আম্বানি, আদানি, টাটা–বিৰলা, পতঞ্জলিৰ স্বত্বাধিকাৰতকৈও অধিক উচ্চ হওক৷ ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাকো কটাক্ষ কৰে বাবা ৰামদেৱে৷ তেওঁ কয়– কংগ্রেছৰ ওচৰত ৰাজনৈতিক সুস্বাস্থ্য নাই৷ গতিকে তেওঁলোকে দেশৰ ইফালৰ পৰা সিফাললৈ ঘূৰি আছে৷ ৰাজনীতিলৈ আহিবলৈ কোনোধৰণৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰি ৰামদেৱে কয়– মোৰ সংকল্প দেশৰ জনসাধাৰণক আর্থিক–সাংস্কৃতিক গোলামীৰ পৰা মুক্ত কৰা আৰু দেশক উচ্চ শিখৰলৈ লৈ যোৱা৷ এই কামত মই লাগি আছোঁ৷ গতিকে ৰাজনীতিলৈ অহাৰ কোনো ইচ্ছা নাই মোৰ৷ কিন্তু দেশত এজন শক্তিশালী আৰু ভাল ৰাজনৈতিক নেতাৰ প্রয়োজন৷ যিয়ে দেশক আগুৱাই নিব পাৰে৷ এই অনুষ্ঠানতে আজি স্বামী ৰামদেৱে নিউজ লাইভত শীঘ্রেই যোগাভ্যাসৰ এক বিশেষ অনুষ্ঠান কৰিব বুলিও জানিবলৈ দিয়ে৷ আজিৰ অনুষ্ঠানতে বাবা ৰামদেৱে চমৎকাৰী যোগাভ্যাসেৰে উপস্থিতসকলক যথেষ্ট আকর্ষিত কৰে৷ অনুষ্ঠানত বাবা ৰামদেৱে কেইবাটাও যোগাসনেৰে উপস্থিতসকলক আমোদ দিয়াৰ লগতে মঞ্চত চৈয়দ জাৰিৰ হুছেইন আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক কেইবাটাও যোগাসন কৰোৱায়৷ তদুপৰি বাবা ৰামদেৱে উপস্থিতসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়াৰ লগতে বেক পেইন আৰু পেট কমোৱাৰ উপায়ো প্রদান কৰে৷