নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ যোৱা ২ ফেব্ৰুৱাৰী তাৰিখে টেঙাখাতৰ বুঢ়ীদিহিঙৰ বুকুত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ পাচত আজি পুনৰ অগ্নি সংযোগ হয় নদীৰ পানীত ।
উল্লেখ্য যে, অইলৰ ভুলৰ বাবে খাৰুৱা তেলৰ পাইপৰ পৰা নদীৰ বুকুলৈ নিগৰি আহে তেল । তাৰ পাচতেই কোনো দুষ্কৃতিকাৰীয়ে ইয়াত অগ্নিসংযোগ কৰাৰ পাচত জ্বলি উঠিছিল বুঢ়ীদিহিঙৰ বুকু । যোৱা দুই ফেব্ৰুৱাৰীত জ্বলি উঠা এই অগ্নিকাণ্ডই নদীৰ জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে আতংকিত কৰি তুলিছিল স্থানীয় ৰাইজক ।
পুনৰবাৰ বুঢ়ীদিহিঙৰ বুকুত আজি দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ পাচত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । কিয়নো বুঢ়ীদিহিঙৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোকে যোৱা এসপ্তাহে ব্যৱহাৰ কৰিব পৰা নাই নদীৰ পানী । তেনে পৰিপ্ৰেক্ষিতত প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে এইসকল লোকৰ জীৱনলৈ নামি আহিব পাৰে দুৰ্যোগ ।