তিনিচুকীয়া মহাবিদ্যালয়ত ১১১ জনীয়া আছু গোট গঠন
নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত তিনিচুকীয়া মহাবিদ্যালয়ত আজি তিনিচুকীয়া মহাবিদ্যালয় আছু গোট সমিতিখন নতুনকৈ গঠন কৰা হয় ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰই ৷ তাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰ ওপৰত বিস্তৃতৰূপত মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য দাঙি ধৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোহাঁই ৷ সমান্তৰালভাৱে জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক চেলু হুছেইনেও ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য দাঙি ধৰে আৰু ছাত্ৰছাত্ৰীসকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে ৷ পৰৱৰ্তী সময়ত সুমিত দাসক সভাপতি আৰু ভাস্কৰজ্যোতি ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ তিনিচুকীয়া মহাবিদ্যালয় আছু গোট ২০২৩-২৪ বৰ্ষৰ বাবে ১১১ জনীয়া সমিতিখন গঠন কৰে ৷
পৰৱৰ্তী সময়ত তিনিচুকীয়া মহাবিদ্যালয় আছু গোটৰ নৱনিৰ্বাচিত সভাপতি-সম্পাদকক একোখনকৈ ফুলাম গামোছাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নৱনিৰ্বাচিত সমিতিৰ প্ৰতিগৰাকী সদস্যক আছুৰ মজিয়ালৈ আদৰণি জনায় আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰতিটো সমস্যাৰ স’তে এই আছুগোটে ওতপ্ৰোতভাবে জৰিত থাকিব বুলি মন্তব্য কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৷
প্ৰেৰক: বিবেক বড়া