নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালীবাৰীৰ ৰে’লৱে কলনীত ডেৰ শতাধিক পৰিয়ালক উচ্ছেদ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ পল্টন বজাৰৰ কালীবাৰী ৰে’লৱে কলনীত দীর্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰা ডেৰ শতাধিক পৰিয়ালক বুধবাৰে ৰে’ল বিভাগে উচ্ছেদ কৰে৷ কালীবাৰী ৰে’লৱে কলনীত অবৈধভাৱে টিন আৰু তর্জাৰ বেৰাৰে ঘৰ সাজি একাংশ লোকে বসবাস কৰি আহিছিল৷ ৰে’ল বিভাগৰ একাংশ কর্মচাৰীয়ে তর্জাৰ বেৰৰ ঘৰ সাজি একাংশ সন্দেহজনক লোকক ভাৰাত দিছিল৷ কালীবাৰী অঞ্চলত বসবাস কৰা এই সন্দেহজনক লোকসকলে বিভিন্ন অপৰাধমূলক কার্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত কালীবাৰী ৰে’লৱে কলনীত বসবাস কৰা এই সন্দেহজনক লোকসকলক আজি ৰে’ল বিভাগে উচ্ছেদ কৰে৷ ইফালে অবৈধভাৱে বসবাস কৰা লোকসকলে ৰে’ল বিভাগৰ উচ্ছেদৰ জাননী লাভ নকৰা বুলি অভিযোগ কৰিছে৷ অৱশ্যে বিভাগীয় কর্তৃপক্ষই ৰে’লৱে কলনীটোত অবৈধভাৱে বসবাস কৰা লোকসকলক ঊর্ধ্বতন কর্তৃপক্ষৰ নির্দেশমর্মে আৰক্ষীৰ সহযোগত উচ্ছেদ কৰা বুলি জানিবলৈ দিছে৷

You might also like