নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: ইণ্ডিগ’ এয়াৰলাইন্সে বিহাৰৰ পৰিৱৰ্তে ৰাজস্থানলৈ লৈ গ’ল এজন যাত্ৰীক। এই বিষয়ত শুকুৰবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ডিজিচিএই কয় যে যাত্ৰীগৰাকীয়ে পাটনালৈ ইণ্ডিগোৰ বিমানত উঠিব লাগিছিল যদিও তাৰ পৰিৱৰ্তে তেওঁ উদয়পুৰলৈ আন এখন ইণ্ডিগো বিমানত উঠিছিল। এই বিষয়ত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
যোৱা ৩০ জানুৱাৰীত এই ঘটনাৰ খবৰ পোৱাৰ পিছতে যাত্ৰীজনক পিছদিনা পাটনালৈ প্ৰেৰণ কৰা হয়। ডিজিচিএৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আফছাৰ হুছেইন নামৰ এজন যাত্ৰীয়ে ইণ্ডিগোৰ ৬ই-২১৪ বিমানেৰে পাটনালৈ যোৱাৰ টিকট বুকিং কৰিছিল। নিৰ্ধাৰিত বিমানখনত উঠিবলৈ যোৱা ৩০ জানুৱাৰীত দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল যদিও তেওঁ ভুলতে ইণ্ডিগ’ৰ উদয়পুৰ বিমান ৬ই-৩১৯ত উঠিছিল।
ডিজিচিএৰ বিষয়াগৰাকীয়ে কয় যে এই বিষয়ত ইণ্ডিগ’ৰ পৰা প্ৰতিবেদন বিচৰা হৈছে আৰু বিমান সংস্থাটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।