সাৰদা চিট ফাণ্ড কেলেংকাৰি: প্রয়াত কংগ্রেছ নেতা অঞ্জন দত্তৰ সম্পত্তি জব্দ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ প্রয়াত কংগ্রেছ নেতা তথা প্রাক্তন মন্ত্রী, প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি অঞ্জন দত্তৰ সম্পত্তি এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)এ জব্দ কৰিছে৷ সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰত তদন্তকাৰী সংস্থাটোৱে প্রয়াত দত্তৰ কেইবাকোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ গুৱাহাটীৰ লালমাটিত থকা অনুভূতি প্রিণ্টার্ছ এণ্ড পাব্লিকেচন ইডিয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে৷ ২০১৩ বর্ষত সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰ ৰুজু হোৱাৰ পাছত প্রয়াত দত্তৰ নাম সাঙোৰ খাই পৰিছিল৷ কেইবাবাৰো ইডিয়ে অনুভূতি প্রিণ্টার্ছ এণ্ড পাব্লিকেচনছৰ কার্যালয়ত অভিযানো চলাইছিল৷ তদুপৰি এই গোচৰটোত কেইবাজনো লোকক সোধা–পোছা কৰা হৈছিল৷ পৰৱর্তী সময়ত প্রাক্তন মন্ত্রী দত্তৰ বিয়োগ ঘটে যদিও তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে তদন্ত ইডিয়ে অব্যাহত ৰাখে৷ গোচৰটো সন্দর্ভত দত্তৰ কন্যা তথা কংগ্রেছ নেত্রী অংকিতা দত্তকো সোধা–পোছা কৰা হৈছে৷ উল্লেখ্য যে সাৰদা গ্রুপে পশ্চিমবংগ, অসম আৰু উড়িশাত ব্যাপক লাভৰ সপোন দেখুৱাই বহু লোকৰ ধন আত্মসাৎ কৰিছিল৷ কম দিনতে অধিক লাভ আদায় দি ঘূৰাই দিয়াৰ প্রতিশ্রুতিৰে প্রতিষ্ঠানটোৱে ধন সংগ্রহ কৰিছিল যদিও পৰৱর্তী সময়ত গ্রাহকসকলক বিনিয়োগ কৰা ধন ওভতাই দিবলৈ সক্ষম হোৱা নাছিল৷ বৰঞ্চ গ্রাহকসকলৰ ধন আত্মসাৎ কৰি প্রতিষ্ঠানটোৰ বিভিন্ন স্থানত সা–সম্পত্তিহে গঢ়ি তুলিছিল৷ গ্রাহকসকলে বিনিয়োগ কৰা ধন ওভতাই নোপোৱাৰ পাছত আৰক্ষীৰ কাষ চাপে৷ অৱশ্যে এই গোচৰটোত ইতিমধ্যে কেইবাজনো অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে৷ সমান্তৰালভাৱে ৬০০ কোটিৰো অধিক স্থায়ী আৰু অস্থায়ী সম্পত্তি ইডিয়ে জব্দ কৰিছে৷ ইডিৰ তথ্য অনুসৰি সাৰদা গ্রুপে বিভিন্ন লোকৰ পৰা সংগ্রহ কৰা ধনৰ পৰিমাণ ২,৪৫৯ কোটিতকৈও অধিক৷ ইয়াৰে ১,৯৮৩ কোটি টকা সুদসহ এতিয়াও প্রতিষ্ঠানটোৱে আদায় দিবলৈ সক্ষম হোৱা নাই৷ শেহতীয়াকৈ অঞ্জন দত্তৰ উপৰি প্রাক্তন কেন্দ্রীয় মন্ত্রী পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম, প্রাক্তন চি পি এম বিধায়ক দেৱেন্দ্র নাথ বিশ্বাসৰ মালিকানাধীন প্রতিষ্ঠান আৰু স্থায়ী–স্থায়ী সা–সম্পত্তি ইডিয়ে জব্দ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সাৰদাৰ প্রমোটাৰ পৱিত্র সেনৰ সৈতে ব্যৱসায়িক লেনদেন কৰাৰ লগতে সাৰদা গ্রুপৰ কাকত আৰু অন্যান্য নথি–পত্র প্রকাশ কৰাৰ অভিযোগত দত্তক গোচৰটোৰ অভিযুক্ত হিচাপে বিবেচনা কৰা হৈছে৷ এই গোচৰটোৰ তদন্ত ইডিৰ উপৰি চি বি আয়ে অব্যাহত ৰাখিছে৷