নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ দ্বিবাৰ্ষিকৰ প্ৰতিনিধি সভা

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা খন আজি দিনৰ ভাগত অনুষ্ঠিত হয়। উল্লেখ্য যে ; বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও অনুষ্ঠিত হয় বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী বৰ্ষ। বকোত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে সংগঠনটোৰ অধিবেশনৰ প্ৰতিনিধি সভা। বকোৰ ৰায়পাৰাত আয়োজন কৰা অধিবেশনৰ প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে জ্যেষ্ঠ্য জ্ঞাতী ডিম্বেশ্বৰ দাসে। সভাপতি বিষ্ণু ৰাম দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা আনুস্থানিক ভাৱে উদ্ধোধন কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসে। সভাৰ আত ধৰে সংগঠনটোৰ সম্পাদক বিপুল তালুকদাৰে। সভাত শোক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ২০২০/২০২২ বৰ্ষৰ দুই বছৰীয়া কাৰ্য্যকালৰ সম্পাদকীয় প্ৰতিবেদন, বাৰ্ষিক হিচাপ নিকাচৰ প্ৰতিবেদন তথা অন্যান্য বিষয় সমূহৰ ওপৰত আলোচনা কৰি প্ৰতিবেদন গৃহীত কৰা হয়। ইফালে আজি অনুষ্ঠিত হয় বিষয় বাচনি সভা। বিষয় বাচনি সভাৰ জৰিয়তে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ পৰৱৰ্তী সভাপতি হিচাপে জোন চৌধুৰী ; অমৰেন্দ্ৰ দাস কাৰ্য্যকৰী সভাপতি ; দিগন্ত দাস উপ সভাপতি ; নিপেন তালুকদাৰ ; সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰে সমিতি খন। সভাত চিলাৰায় দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত সকলোৰে সহযোগ কামনা কৰে সভাপতিয়ে। প্ৰতিনিধি সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ বহু কেইজন বিষয় ববীয়া ; বিশিষ্ঠা সমাজ সেৱিকা তথা ক্ৰীড়া সংগঠক জুৰি দাস বৰা, গুৱাহাটী জিলা সমিতিৰ সম্পাদক দীপক কুমাৰ ৰয়! কালচাৰেল চোছাইটিৰ জিলা সভাপতি পংকজবীৰ দাস, সম্পাদক মিন্টু পাটোৱাৰী, যুৱ ছাত্ৰ সন্মিলনীৰ বকো আঞ্চলিক সমিতিৰ উপদেষ্টা গৌৰাঙ্গ চৌধুৰী ; কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস, লুকী প্ৰাথমিক গোটৰ সভাপতি জ্যোতিষ লহকৰ, আক্ৰাছুৰ সম্পাদক জ্যোতিৰ্ময় দাস আদিকে ধৰি মুঠ ২৬ খন গাওঁ শাখাৰ প্ৰায় তিনিশ প্ৰতিনিধি আৰু বহু কেইজন কোচ জ্ঞাতী উপস্থিত থাকে। ইফালে আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচী সফল কৰাত সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনায়। ইফালে চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিনিধি সভাত জনগোষ্ঠীটোৰ জনজাতি কৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি সভাপতি বিষ্ণু ৰাম দাসে জানিব দিয়ে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like