ভাৰতত আছে ভিছাৰ ম্যাদ উকলা ১.১৬ লাখ বাংলাদেশী
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ভাৰতলৈ অব্যাহত আছে বাংলাদেশীৰ অনুপ্রৱেশ৷ কাৰণ ২৭ জানুৱাৰীলৈকে চলিত বর্ষত অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ সময়ত সীমান্তত ৮৩ জন বাংলাদেশীক নিৰাপত্তা বাহিনীয়ে আটক কৰিছে৷ যোৱা বছৰত অর্থাৎ ২০১৯ চনত সীমান্তত আটক কৰা হৈছে ১,৩৫১জন বাংলাদেশৰ নাগৰিকক৷ আনহাতে, ২০১৭ চনৰ পৰা যোৱা তিনি বছৰত সীমান্তত ধৃত অবৈধ বাংলাদেশীৰ সংখ্যা হৈছে ৩,৬৪৪জন৷ পিছে এইসকল অবৈধ বাংলাদেশীক সীমান্তৰ পৰাই বাংলাদেশলৈ খেদি পঠিওৱা হৈছে৷
বুধবাৰে ৰাজ্যসভাৰ মজিয়াত এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইয়ে৷ উত্তৰ প্রদেশৰ বিজেপি সাংসদ অনিল আগৰৱালাৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ৰাইয়ে লগতে আন এক উদ্বেগজনক তথ্যও দাঙি ধৰিছে৷ তেওঁ প্রকাশ কৰা মতে, বিগত ৩ বছৰত বৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ পাছত ভিছাৰ ম্যাদ উকলি যোৱাত অবৈধ বাংলাদেশী হৈ পৰা লোকৰ সংখ্যা হৈছে ১,১০,৬৪২জন৷ এইসকল বাংলাদেশীয়ে ভাৰতত অবৈধভাৱে আছে৷ মন্ত্রী ৰাইয়ে প্রদান কৰা বিস্তাৰিত তথ্য অনুসৰি ২০১৭, ২০১৮ আৰু ২০১৯ চনত ভিছাৰ ম্যাদ উকলি গৈ অবৈধ বাংলাদেশী হৈ পৰা লোকৰ সংখ্যা আছিল ক্রমে ২৫,৯৪২, ৪৯,৬৪৫ আৰু ৩৫,০৫৫৷
আনহাতে, অবৈধভাৱে ভাৰতত প্রৱেশ কৰা বাংলাদেশীৰ কোনো পৰিসংখ্যা কেন্দ্রীয় মন্ত্রীজনে আজি প্রদান কৰিব পৰা নাই৷ মন্ত্রী ৰাইৰ মতে, নথিপত্র অবিহনে ভাৰতলৈ অহা অবৈধ বাংলাদেশীসকল গোপনীয়তা অৱলম্বন কৰিহে প্রৱেশ কৰে৷ তেনে ক্ষেত্রত দেশৰ ভিন্ন প্রান্তত কিমানসংখ্যক অবৈধ বাংলাদেশী বসবাস কৰি আছে, তাৰ কোনো পৰিসংখ্যা চৰকাৰৰ ওচৰত থকাটো সম্ভৱ নহয়৷
আনহাতে, বৈধভাৱে প্রৱেশ কৰাৰ পাছত ভিছাৰ ম্যাদ উকলি যোৱা বাংলাদেশীসকলক বিতাড়নৰ ক্ষেত্রতো যে চৰকাৰে প্রত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰো এক পৰিসংখ্যা ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰিছে কেন্দ্রীয় মন্ত্রীজনে৷ যোৱা তিনি বছৰত ভিছাৰ ম্যাদ উকলি অবৈধ বাংলাদেশী হৈ পৰা লোকৰ সংখ্যা যেতিয়া ১,১০,৬৪২জন, সেই সময়ত দেশৰ বিভিন্ন ফৰেনার্ছ ৰিজি’নেল ৰেজিষ্ট্রেচন অফিচৰ পৰা প্রাপ্ত তথ্য অনুসৰি উক্ত তিনি বছৰত ভিছাৰ ম্যাদ উকলি যোৱা মাত্র ৭৯৫জন বাংলাদেশীকহে নিজ দেশখনলৈ বিতাড়ন কৰাটো সম্ভৱ হৈছে৷