নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰকে ধৰি ৰাজ্যৰ ৬ স্থানলৈ উড়ান আঁচনিৰ অধীনত বিমান সেৱা আৰম্ভ 

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰচিচিৰ উৰে দেশ কী আম নাগৰিক চমুকৈ উড়ান (UDAN) অধীনত আজিৰে পৰা তেজপুৰক সংযোগ কৰি আৰম্ভ হ’ল বিমান সেৱা। আজি দিনৰ ১.১৫ বজাত তেজপুৰ বিমানকোঠত অৱতৰণ কৰে উড়ান আঁচনিৰ হেলিকপ্টাৰ। পৱনহংস লিমিটেডৰ ১১ যুক্ত আসনৰ হেলিকপ্টাৰ সেৱা। উড়ান আঁচনিৰ অধীনত ছয় স্থানলৈ এই হেলিকপ্টাৰ সেৱা সপ্তাহৰ তিনি দিন চলিব । ডিব্ৰুগড়ৰ পৰা মূলতঃ চলিবলগীয়া এই সেৱা যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংসৰ হেলিকপ্টাৰ। সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা আৰু পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশক এই আঁচনিত সামৰি লব। প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে দিনৰ ১১.৪৫ তেজপুৰৰ পৰা গুৱাহাটী, দিনৰ ১.০৫ বজাত গুৱাহাটীৰ পৰা তেজপুৰলৈ  আৰু তেজপুৰৰ পৰা যোৰহাটলৈ ২.১০ত এই সেৱা উপলব্ধ হ’ব। এই সেৱাৰ বাবদ তেজপুৰৰ পৰা গুৱাহাটীলৈ ৫৯৪৫ টকা, তেজপুৰৰ পৰা ডিব্ৰুগড় ১০,৭৭৪ টকা, তেজপুৰৰ পৰা যোৰহাটলৈ ৫৬৬২ টকা নিৰিখ ধাৰ্য্য কৰা বুলি তেজপুৰ বিমানকোঠৰ সঞ্চালক জ্যোতিৰ্ময় বৰুৱাই জানিবলৈ দিয়ে। এই হেলিকপ্টাৰ সেৱাৰ ভাড়া কিছু বেছি হোৱা বুলি উপলব্ধি কৰি পৱনহংস কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত অৱগত কৰিব বুলি সদৰী কৰে। এই সেৱাই পৰ্যটন তথা বাণিজ্য ক্ষেত্ৰখনৰ উন্নতি সাধন হ’ব বুলি আশা ব্যক্ত কৰে।

 

প্ৰেৰক হিমাংশু শৰ্মা

You might also like