চকুত ছানি পৰা ৰোগৰ বিনামূলীয়া অস্ত্রোপচাৰ শিবিৰ টপচেম চিমেণ্টৰ
বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ টপচেম চিমেণ্টে আর্থিকভাৱে অনগ্রসৰ লোকৰ চকু চিকিৎসাৰ বাবে ‘আই ডাক্তৰ––এন আই ক্লিনিক এণ্ড চার্জাৰী চেণ্টাৰ গুৱাহাটী’ৰ সহযোগত বিনামূলীয়া অস্ত্রোপচাৰ শিবিৰ আয়োজন কৰিছে৷ টপচেম চিমেণ্টৰ ২০১৮ চনৰ পৰা বর্তমানলৈ ক্রমাগতভাৱে আয়োজিত এহটো ৬ষ্ঠসংখ্যক চকুৰ ছানি পৰা অস্ত্রোপচাৰ শিবিৰ৷ সর্বাধিক পাঁচ শতাধিক ৰোগীক চিকিৎসা কৰাৰ লক্ষ্যৰে ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰে দৰং, ওদালগুৰি আৰু বাক্সা জিলাৰ গ্রাম্যাঞ্চলৰ লগতে নিকটৱর্তী এলেকাবোৰো সামৰি ল’ব৷ আই ডাক্তৰ–– এন আই ক্লিনিক এণ্ড ছার্জাৰী চেণ্টাৰ, গুৱাহাটী, চকু চিকিৎসা প্রতিষ্ঠান আৰু অস্ত্রোপচাৰ কেন্দ্রৰ লগতে টপচেম চিমেণ্টৰ যৌথ পদক্ষেপত মার্চৰ ভিতৰত ৫০গৰাকী চকুত ছানি পৰা লোকৰ চিকিৎসা কৰা হ’ব৷ নির্বাচিত ৰোগীসকলক পৰৱর্তী সময়ত আই ডাক্তৰ––এন আই ক্লিনিক এণ্ড ছার্জাৰী চেণ্টৰ, গুৱাহাটীত অস্ত্রোপচাৰ সম্পন্ন কৰা হ’ব৷ এই শিবিৰৰ বিষয়ে মেঘালয় চিমেণ্টছ লিমিটেডৰ সভাপতি ড০ অনিল কাপুৰে কয়, ‘টপচেম চিমেণ্টে সমাজৰ বিভিন্ন স্তৰৰ আর্থিকভাৱে অনগ্রসৰ লোকক সহায় আগবঢ়োৱাত আগ্রহী৷ ২০১৮ চনৰ পৰাহ এয়া এটা অবিৰত প্রচেষ্টা৷ ২০২২ চনলৈকে ১৭০গৰাকী লোকৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে৷ এই প্রচেষ্টা অব্যাহত ৰাখি আগন্তুক সময়তো সেৱা আগবঢ়োৱা হ’ব৷’