বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ নগাঁও জিলাত সক্ৰিয় হৈ আছে জালনোট ব্যৱসায়ৰ এক আন্তঃৰাজ্যিক চক্ৰ।এই চক্ৰটোৰ পৃষ্ঠপোষকতাত জিলা খনত জালনোটৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । কালি নিশা এক বিশেষ উৎসৰ তথ্যৰ ওপৰত ভিত্তি কৰি নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ৰূপজ্যোতি কলিতা আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ আই আভাজ্যোতি ৰাভাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে চহৰ খনৰ ধিং গেটত এক অভিযান চলাই দুজন কুখ্যাত জালনোট ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জালনোট ব্যৱসায়ী দুজন হ’ল জুৰীয়া মাহগুৰিৰ শ্বৰাফত আলী (৩৭) আৰু জুৰীয়া আলিটাঙনিৰ নুৰ হুছেইন (২২)। তেওঁ লোকৰ পৰা আৰক্ষীয়ে ৩৩ লাখ ৫২হেজাৰ ৫০০ টকাৰ ভাৰতীয় জাল নোট (এফ আই চি এন) জব্দ কৰে। লগতে তেওঁ লোকে ব্যৱহাৰ কৰা এ এছ ০১এন ৩১২০ নম্বৰৰ এখন চুইফট ডিজায়াৰ গাড়ীও জব্দ কৰে। সম্প্ৰতি ধৃত জালনোট ব্যৱসায়ী দুজনক জিলা খনৰ উচ্চ পদস্থ আৰক্ষী বিষয়াই মাৰথন জেৰা অব্যাহত ৰাখিছে।লগতে জালনোট তৈয়াৰ কৰা কাৰখানা,জালনোট তৈয়াৰ কৰা,এই চক্ৰটোৰ লগত জড়িত আন সদস্য সকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। নগাঁৱত গঢ়ি উঠা জালনোট ব্যৱসায়ৰ আন্তঃৰাজ্যিক চক্ৰটোৱে এই বৃহৎ অংকৰ জালনোট বজাৰত মোকলাই দিয়াৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁ লোকৰ লগত বেংকৰ কোনো কৰ্মচাৰী, ব্যৱসায়ী জড়িত আছে নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।এই ব্যৱসায়ৰ লগত জড়িত চক্ৰটোৰ সম্ভেদ উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে।আৰক্ষীৰ জেৰাত ধৃত জালনোট ব্যৱসায়ী দুজনে কি কি তথ্য প্ৰকাশ কৰিছে সেই কথা তদন্তত বাধা পৰাৰ আশংকাত আৰক্ষীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা নাই।
প্ৰেৰক কনক হাজৰিকা