নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনকাউণ্টাৰত আলফা (স্বা:)ৰ দুৰ্ধৰ্ষ কেডাৰ উদয় অসমৰ জীৱনাস্ত

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা আলফা (স্বা)ৰ  দুধৰ্ষ কেডাৰ উদয় অসম ওৰফে উত্তম লাহন অৱশেষত অসম আৰক্ষীৰ হাতত নিধন হবলগীয়া হয় ।আজি পুৱতি নিশা প্ৰায় ১.৩০ বজাত হোৱা এক সংঘৰ্ষত আলফাৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা গৰাকীৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। জানিব পৰা মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লিডু টিকক  মালৌ পাহাৰত আলফাৰ এটি ৬জনীয়া দলে বাহৰ পাতি থকাৰ এক গোপন সম্ভেদ লাভ কৰাত তিনিচুকীয়া জিলা আৰক্ষীৰ এটি বৃহৎ দলে যোৱা নিশাৰে পৰা মালৌ পাহাৰত অভিযান চলায় ।এই অভিযানৰ কালছোৱাত  আজি প্ৰায় ১.৩০ বজাত অসম আৰক্ষী আৰু  আলফা দলটোৰ লগত মূখামুখি হোৱাত দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলিয়া গুলিৰ ঘটনা সংঘটিত  হয়। ঘটনাটিত আলফাৰ দলটোৰ নেতৃত্বত যোৱা উদয় অসমৰ শৰীৰৰ কেইবা ঠাইটো গুলি লগাত আলফাৰ স্বয়ম্ভূ চাজেণ্ট মেজৰগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। অভিযানৰ কালছোৱাত আৰক্ষীয়ে মৃত উগ্ৰপন্থী জনৰ হাতৰ পৰা এটা এটা AK 47 ৰাইফল ,কিছুসংখ্যক ঔষধৰ লগতে যথেষ্ট সংখ্যক আপত্তিজনক নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ২০১৩ চনত আলফা (স্বা)ত যোগদান কৰা উদয় অসম বৰডুমছা থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল।
প্ৰেৰক হেমন্ত গগৈ
You might also like