“অমৃত ভাৰত ষ্টেচন” আঁচনিৰ অধীনত আধুনিকীকৰণ হ’ব ধুবুৰী ৰে’ল ষ্টেচনৰ
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: ধুবুৰীলৈ আহিছে এক সুখৱৰ। কেন্দ্ৰীয় চৰকাৰে “অমৃত ভাৰত ষ্টেচন” আচঁনিৰ অধীনত আধুনিকীকৰণ কৰিবলগীয়া ৰেইল ষ্টেচনৰ তালিকাত নাম আছে ধুবুৰীৰো। আজি ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যম ফেচবুকত এটা পোষ্টৰ সৈতে দিয়া তালিকাই পোহৰলৈ আনিছে বিশেষ সুখৱৰটো। পোষ্টটোত সাংসদগৰাকীয়ে “অমৃত ভাৰত ষ্টেচন” আচঁনিৰ অধীনত আধুনিকীকৰণ কৰিবলগীয়া দেশৰ ১২৭৫ টা ৰেইল ষ্টেচন তালিকাত অসমৰ ৪৯ টা ষ্টেচনৰ অন্তৰ্ভূক্তিৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদো জ্ঞাপন কৰিছে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,