নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ সমীৰণ টি ইণ্ডাষ্ট্ৰিৰ নৱ সংযোজন তন্দুৰী-ৰামপিয়াৰী চাহ

  • চাহ খেতিৰ দুশ বছৰ ইতিহাসত পোন প্ৰথম বাৰ বিশ্বনাথৰ সমীৰণ টি ইণ্ডাষ্ট্ৰিৰ নৱ সংযোজন তন্দুৰী-ৰামপিয়াৰী চাহ
  • লগতে ককটেল চমুচাৰ ব্যৱস্থা : উবুৰি খাই পৰিছে গ্ৰাহক
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: অসমত চাহ খেতিৰ দুশ বছৰ ইতিহাসত পোন প্ৰথম বাৰ বিশ্বনাথ জিলাৰ বিহালী সমীৰণ টি ইণ্ডাষ্ট্ৰিয়ে সংযোজন ঘটাইছে তন্দুৰী আৰু ৰামপিয়াৰী চাহৰ। উল্লেখযোগ্য যে, ২০০৬ চনত বিশিষ্ট চাহ খেতিয়ক নৰেন শৰ্মাৰ একাণপতিয়া প্ৰচেষ্টাত বাঘমাৰীৰ নিকটবৰ্তী খেৰবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত স্থাপন হোৱা সমীৰণ টি ইণ্ডাষ্ট্ৰিয়ে কালি ডেৰটা যুগ ধৰি মুৰ ডাঙি থকা সকলোৰে নিশ্চয় প্ৰত্যক্ষ হৈ আহিছে। ইয়াৰ পিছতে পুত্ৰ ধীৰাজ শৰ্মাই পিতৃৰ পদানুকৰণ কৰি আগবাঢ়ি যোৱাৰ ফলশ্ৰুতিতে ইণ্ডাষ্ট্ৰিটোৰ কাষতে পেট্ৰল ডিপো এটাইয়ো গা কৰি উঠে। পিছে সদায় নতুনত্বৰ পিছত দৌৰি ফুৰা স্বভাৱৰ ধীৰাজ শৰ্মাৰ চিন্তাশীল মনটোৱে কালি ৰাইজক  এপিয়লা নতুন চাহৰ সোৱাদ দিয়াৰ বাবে সংযোজন ঘটালে তন্দুৰী-ৰামপিয়াৰী চাহৰ। বিশ্বনাথত এই চাহৰ সোৱাদ নতুন বুলি কব পাৰি। চাহ উৎপাদনৰ দুশ বছৰ হৈছে যদিও এই চাহৰ সোৱাদ ৰাইজে লাভ কৰা নাছিল। সেইয়ে আজি ইণ্ডাষ্ট্ৰিটোৰ সন্মুখতে চাৰি চকিয়া ভ্ৰাম্যমাণ টি ‘ষ্টলত কৰি লোৱা প্ৰদূষণ মুক্ত ব্যৱস্থাত কেবাবিধ চাহৰ লগতে ককটেল চমুচা আদি খাদ্যৰ পোহাৰ মেলাত উবুৰি খাই পৰে পথেদি যাতায়ত কৰা গ্ৰাহক ৰাইজ। ইয়াত কোনো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিবৰ্তে গ্ৰাহক ৰাইজক চাহ কাপ আগবঢ়াই দিয়া হৈছে মাটিৰে তৈয়াৰী মটকাত , গতিকে ইয়ো এক বিশ্বনাথ জিলাত নতুনত্ব বুলি কব পাৰি। পৰিচলক গৰাকীয়ে জানিব দিয়া মতে এই ব্যৱস্থা পুৱা ৭ বজাৰ পৰা নিশা বৰ্তমান ১০ বজালৈ উপলব্ধ হব।
You might also like